শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২ জুলাইঃ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে আজি তিনিচুকীয়াত উপস্থিত হৈ জিলাখনৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে কেইবাটাও সাহা়য্য শিবিৰ পৰিদৰ্শন কৰি শিবিৰত থকা ৰাইজৰ সৈতে মত বিনিময় কৰে । মন্ত্ৰী তেলীয়ে বানত ক্ষতিগ্ৰস্ত ৰাইজে লাভ কৰিবলগীয়া সাহাৰ্য্য সামগ্ৰী সময়মতে পৰ্যাপ্ত পৰিমাণে কোনোধৰণৰ বেমেজালি নোহোৱাকৈ লাভ কৰিছে নে নাই সেই বিষয়েও বুজ লয়। তেলীয়ে বাৰেকুৰি লাউপুং বয়ন শিল্প বান সাহা়য্য শিবিৰ, গৰিয়াটিং বান সাহা়য্য বিতৰণ কেন্দ্র, হাতীবাট আৰু বেবেজীয়া বান সাহা়য্য শিবিৰ পৰিদৰ্শন কৰে। মন্ত্ৰীৰ পৰিদৰ্শন কালত ডিগবৈৰ বিধায়ক সুৰেন ফুকন আৰু তিনিচুকীয়াৰ উপায়ুক্ত নৰসিং পৱাৰো উপস্থিত থাকে ।