তিনিচুকীয়াৰ বাসগৃহত উৱলি যোৱা অৱস্থাত উদ্ধাৰ কবি, নাট্যকাৰ, নিবন্ধকাৰ প্রীতম ফুকনৰ মৃতদেহ

0 60

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১০ এপ্ৰিল : সামাজিক জীৱনৰ পৰা কিছু নিলগত থাকি একাকিত্বৰ মাজত সাহিত্য, সংস্কৃতিৰ চৰ্চা অব্যাহত ৰখা এগৰাকী প্ৰচাৰ বিমুখ কবি, নাট্যকাৰ, নিবন্ধকাৰ প্রীতম ফুকনৰ মৃতদেহ দেওবাৰে তিনিচুকীয়াৰ ৰংপুৰীয়াস্থিত নিজ বাসগৃহত প্রায় উৱলি যোৱা অৱস্থাত উদ্ধাৰ হয় ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল প্ৰায় ৫৮ বছৰ ৷ উল্লেখ্য যে ঘৰৰ একমাত্ৰ সন্তান চিৰকুমাৰ ফুকনে পিতৃমাতৃৰ বিয়োগৰ পাছত অকলশৰে জীৱন নিৰ্বাহ কৰিছিল । বিগত কেইবাদিনো ধৰি ফুকনৰ ঘৰ অন্ধকাৰচ্ছন্ন হৈ থকা দেখি ওচৰ চুবুৰীয়াই দেওবাৰে পুৱা সন্দেহৱশত চাবলৈ গৈ দেখে যে ঘৰটোৰ পাছফালৰ এখন দুৱাৰ খোলা আৰু প্ৰীতম ফুকনৰ মৃতদেহ ঘৰৰ মজিয়াত প্ৰায় উৱলি যোৱা অৱস্থাত পৰি আছিল৷ স্থানীয় ৰাইজে ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰাৰ পাছত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ উল্লেখ্য, তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী গ্ৰহণ কৰা প্ৰীতম ফুকনৰ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰযোগে কেইবাখনো জনপ্ৰিয় নাটক সম্প্ৰচাৰ হৈছিল৷ ইয়াৰোপৰি তেওঁ আছিল ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ নিয়মীয়া পত্র লেখক৷ অসমৰ প্ৰায় সকলো সম্ভ্রান্ত কাকত-আলোচনীত ফুকনৰ লেখা আৰু কবিতা প্ৰকাশিত হৈছিল৷ ‘প্রান্তিক’, ‘প্রকাশ’কে ধৰি একাধিক কাকত-আলোচনীৰ নিয়মীয়া লেখক প্ৰীতম ফুকন তিনিচুকীয়া জিলা পুথিভঁৰালৰ নিয়মীয়া পঢ়ুৱৈ হোৱাৰ উপৰি শ্ৰেষ্ঠ পঢ়ুৱৈৰ সন্মানো লাভ কৰিছিল ৷

মন্তব্য দিয়ক

Your email address will not be published.