শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৩ ছেপ্টেম্বৰ : তিনিচুকীয়াৰ জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে অন্যান্য বিধ্বস্ত বাটপথসমূহ মেৰামতিৰ দাবীত আজি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ৷ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উদিপ বৰপাত্ৰ আৰু সাধাৰণ সম্পাদক নয়ন জ্যোতি বেজবৰুৱাৰ নেতৃত্বত চহৰখনৰ এছ কে এফ পুলিচ পইণ্টৰ অভাৰ ব্ৰীজৰ সমীপত ৰূপায়িত এই মানৱ শৃংখল কাৰ্য্যসূচীত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সত্যজিৎ বৰগোহাঁইৰ উপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াকে ধৰি শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ প্ৰতিবাদী কাৰ্য্যসূচীৰ জৰিয়তে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই স্থানীয় বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণক তেখেতৰ ব্যৰ্থতাৰ বাবে ধিক্কাৰ দিয়াৰ লগতে শীঘ্ৰে জৰাজীৰ্ণ বাটপথসমূহ মেৰামতি কৰি ৰাইজক সকাহ দিবলৈ দাবী জনায় ৷