শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৬ মাৰ্চঃ নিৰ্ভৰযোগ্য সূত্ৰে প্ৰাপ্ত তথ্যৰ ভিত্তিত অভিযান চলাই তিনিচুকীয়া জিলাৰ মাকুম আৰক্ষীয়ে আজি পুৱা দ্বিতীয় অসম আৰক্ষী বাহিনী চাউনিৰ সমীপত চোৰাং কনডেন্স তেলসহ এ এচ ২৩ এ বি ০৭৯৩ নম্বৰৰ মাৰুতি ইক’ বাহন এখন জব্দ কৰে৷ অৱশ্যে বাহনখনৰ চালক আৰক্ষীৰ বেহু ফালি পলাই যাবলৈ সক্ষম হয়৷ জব্দকৃত চোৰাং কনডেন্স তেলখিনিৰ পৰিমাণ ৮০০ লিটাৰ বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। জানিব পৰা মতে ১৬ টা ড্ৰামত ভৰাই এই চোৰাং তেল সৰবৰাহ কৰা হৈছিল। ইতিমধ্যে বাহনখন মাকুম থানালৈ আনি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য, তিনিচুকীয়া জিলাখনৰ বিভিন্ন প্ৰান্তত সঘনাই সংঘটিত হৈ আহিছে তেল চুৰিৰ ঘটনা৷