শতাব্দ প্ৰতিনিধি, ১১ জুনঃ তেলচুৰিৰ ঘাটিত পৰিণত হোৱা তিনিচুকীয়া জিলাৰ মাকুম অঞ্চলৰ অসমীয়া বজালনী গাঁৱত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ খাৰুৱা তেল জব্দ কৰাৰ লগতে খাৰুৱা তেলৰ চোৰাং বেহাৰ লগত জড়িত থকাৰ অভিযোগত ২ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আটকাধীন ব্যক্তিদ্বয় ক্ৰমে মাধৱ দত্ত আৰু প্ৰণৱ কলিতা বুলি মাকুম আৰক্ষীৰ সূত্ৰত প্ৰকাশ । জানিব পৰা মতে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে ধৃত মাধৱ দত্তৰ গুদামৰ পৰা প্ৰায় ৮০ লিটাৰ চোৰাং খাৰুৱা তেলৰ লগতে ১৮ টা দুশ লিটাৰৰ ড্ৰাম জব্দ কৰে ।