শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৯ ডিচেম্বৰ : তিনিচুকীয়া চহৰৰ শ্ৰীপুৰীয়াস্থিত বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য ও অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমাকে ধৰি একাধিক বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ উপস্থিতিত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মেধাৰ পৰিচয় দিয়া ছাত্ৰ-ছাত্ৰীসকলক ’ড° বাণীকান্ত কাকতি মেধা বঁটা’ ৰূপে স্কুটী প্ৰদান কৰা হয় ৷ উল্লেখ্য, ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৭৫ শতাংশ বা তাতোধিক নম্বৰ লাভ কৰা ছাত্ৰ আৰু প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীক ’ড° বাণীকান্ত কাকতি মেধা বঁটা’ হিচাপে একোখনকৈ স্কুটী প্ৰদান কৰা হৈছে ৷ তিনিচুকীয়া জিলাৰ মুঠ ১,০২৫ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে স্কুটী লাভ কৰিছে । স্কুটী বিতৰণ অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজিত সভাত স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ শ্ৰম আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণ, ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা, ডিগবৈৰ বিধায়ক সুৰেন ফুকন, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা, উপায়ুক্ত নৰসিং পৱাৰ, জিলা পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ প্ৰসাদ কৈৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মমুনীন্দ্ৰ বৰদলৈ, এপিডিচিএলৰ অধ্যক্ষ ভবেন শৰ্মা, অসম হাইড্ৰ’ কাৰ্বন লিমিটেডৰ উপাধ্যক্ষ শিৱজী ডুবে, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সভাপতি কাজল গোহাঁই প্ৰমুখ্যে একাধিক বিশিষ্ট ব্যক্তি, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে ৷ ড° বাণীকান্ত কাকতিৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা সভাত আদৰণি ভাষণ আগবঢ়াই বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ চৈতন্য বৰাই। উপায়ুক্ত নৰসিং পৱাৰে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ডা° বাণীকান্ত কাকতি মেধা বঁটা লাভ কৰা প্ৰতিগৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰাৰ লগতে উজ্বল ভৱিষ্যতৰ কামনা কৰে ৷