শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৫ ছেপ্টেম্বৰ : আজি তিনিচুকীয়া জিলা শিক্ষা বিভাগৰ উদ্যোগত ৬১ সংখ্যক শিক্ষক দিৱস কেন্দ্ৰীয়ভাৱে জিলাখনৰ পানীতোলা হিন্দী ইংলিছ হাইস্কুলত উদযাপন কৰা হয় ৷ শিক্ষক দিৱস উপলক্ষ্যে অনুষ্ঠিত সভাত পৌৰোহিত্য কৰে ছেবাৰ প্ৰাক্তন শিক্ষা সচিব ধনদেৱ মহন্তই ৷ বিশিষ্ট দাৰ্শনিক, শিক্ষাবিদ, ৰাজনীতিবিদ ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি আজিৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ বন্তি প্ৰজ্বলন অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° মদন শৰ্মা, বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতোপন হাজৰিকা, জিলা প্ৰাথমিক শিক্ষা বিষয়া বিন্তি শৰ্মাই অংশগ্ৰহণ কৰে ৷ বন্তি প্ৰজ্বলনৰ পাছতে পানীতোলা উচ্চতৰ আৰু পানীতোলা ছোৱালী হাইস্কুলৰ শিক্ষকবৃন্দই সমবেত সংগীত পৰিবেশন কৰে ৷ সভাত আদৰণি ভাষণ প্ৰদান কৰে বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতোপন হাজৰিকাই ৷ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° মদন শৰ্মাই নতুন শিক্ষানীতিৰ ওপৰত ব্যাখ্যা দাঙি ধৰে ৷ তেখেতে তাহানিৰ শিক্ষানীতিৰ সৈতে আজিৰ শিক্ষানীতি বিশেষকৈ নব্বৈৰ দশকৰ পাছত বিশ্বায়নৰ প্ৰভাৱ আৰু ন ন কৌশল সম্বলিত ইন্টাৰনেটে বহু পৰিবৰ্তন আনিছে বুলিও উল্লেখ কৰে ৷ প্ৰাক্তন উপাচাৰ্যগৰাকীয়ে ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰোতে যিসমূহ দিশ চালিজাৰি চাব লাগে তাত কেতিয়াও হীনদেৰি কৰিব নালাগে বুলিও কয় ৷ জিলা উন্নয়ন আয়ুক্ত নয়নজ্যোতি ভাগৱতী আৰু অতিৰিক্ত উপায়ুক্ত চৰফ্ৰাজ হকে সভাত ভাষণ প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ় দিয়াৰ ক্ষেত্ৰত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ অৱদান অতুলনীয় বুলি উল্লেখ কৰে। আজিৰ সভাত জিলাখনৰ অৱসৰপ্ৰাপ্ত কেইবাগৰাকীও শিক্ষকক সম্বৰ্ধনা জনোৱাৰ লগতে জিলাখনৰ কেইবাগৰাকী কৃতী শিক্ষক, শিক্ষয়িত্ৰীক ফুলাম গামোচা, মানপত্ৰ, শৰাইৰে উপস্থিত বিশিষ্ট ব্যক্তিসকলে জিলা প্ৰশাসনৰ হৈ সম্বৰ্ধিত কৰে ৷ আজি দিনজোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা শিক্ষক দিৱসৰ কাৰ্যসূচীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষক, শিক্ষয়িত্ৰীসকল আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ৷