তিনিচুকীয়াৰ সত্ৰ সমূহৰ সমস্যাৰ বুজ ল’লে সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগে

0 0

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ মে’ : অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ এটা সঁজাতী দলে আজি তিনিচুকীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত মামৰণী গাৱঁৰ শ্ৰীশ্ৰী মায়ামৰা ৰূপহী সত্ৰৰ লগতে ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত কৰ্দৈগুৰিৰ শ্ৰীশ্ৰী টিপুক শিমলুগুৰি বজ্ৰপুৰ সত্ৰ আৰু ডিৰাক মায়ামৰা সত্ৰ পৰিদৰ্শন কৰি সত্ৰসমূহে বহুদিনৰ পৰা সন্মূখীন হৈ অহা ভূমি সমস্যা, চাৰিসীমাৰ বেৰা, পথ উন্নয়ন আদি বিভিন্ন সমস্যাৰ বিতংভাৱে বুজ লয় ৷ আয়োগৰ অধ্যক্ষ তথা আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত অহা এই সঁজাতী সজাতি দলটোয়ে সত্ৰৰ সত্ৰাধিকাৰৰ লগতে সত্ৰখনৰ সেৱকীসকলৰ সৈতেও মত বিনিময় কৰি সত্ৰসমূহৰ ভূমি সমস্যাৰ উপৰি অন্যান্য সমস্যাসমূহ সমাধানৰ বাবে বৰ্তমানৰ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে ৷ সত্ৰসমূহ উদ্ধাৰ কৰিবৰ বাবে অসম সত্ৰ আয়োগে সমগ্ৰ অসমৰ সত্ৰ সমূহৰ ক্ষেত্ৰ ভিত্তিক অধ্যয়ন কৰি আছে বুলিও আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাই কয় ৷ পৰিদৰ্শনকালত আয়োগৰ অধ্যক্ষৰ সৈতে আয়োগৰ সদস্য তথা খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া তথা আয়োগৰ পৰামৰ্শদাতা মাধৱ প্ৰসাদ শৰ্মা উপস্থিত থাকে ৷ আয়োগৰ পৰিদৰ্শনকালত সত্ৰসমূহত সংগৃহীত হৈ থকা প্ৰাচীন সম্পদ সমূহৰো যথোপযুক্ত সংৰক্ষণৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা হব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ ইয়াৰ পাছতে আয়োগৰ দলটোয়ে তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত উপস্থিত হৈ তিনিচুকীয়া জিলাৰ সত্ৰসমূহৰ সত্ৰাধিকাৰসকল তথা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি আৰু সম্পাদকসকলৰ সৈতে এখন সভাত মিলিত হয়৷ সভাৰ আৰম্ভণিতে উপায়ুক্ত স্বপ্নীল পালে আয়োগৰ সদস্যসকলক আদৰণি জনায় ৷ তিনিচুকীয়া জিলাৰ প্ৰায় ১৭ খন সত্ৰৰ সত্ৰাধিকাৰ আৰু সত্ৰ পৰিচালনা সমিতিৰ সভাপতি আৰু সম্পাদকসকল উপস্থিত থকা এই সভাত প্ৰতিখন সত্ৰই সন্মুখীন হোৱা বিভিন্ন সমস্যাৰাজিৰ ওপৰত বিতংকৈ আলোচনা কৰা হয় ৷ আনহাতে সত্ৰ পৰিচালনাৰ ক্ষেত্রত সন্মুখীন হোৱা অসুবিধাসমূহৰ বিষয়েও আয়োগে সবিশেষ বুজ লয় ৷ সভাত আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাই সমাজখনক একত্ৰিত কৰাত সত্ৰসমূহৰ ভূমিকা অতিকে গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি অনাগত দিনত সত্ৰসমূহে সন্মুখীন হোৱা সমস্যাৰ বিতং তথ্য যুগুত কৰি প্ৰতিবেদন আকাৰে চৰকাৰৰ ওচৰত দাখিল কৰা হব বুলি জানিবলৈ দিয়ে ৷

মন্তব্য দিয়ক

Your email address will not be published.