শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৩ আগষ্ট : যোৱা মাজনিশা তিনিচুকীয়া আৰক্ষীয়ে চহৰখনৰ মাজমজিয়াৰ এখন হোটেলত অভিযান চলাই ড্ৰাগছসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত ব্যক্তিদ্বয় ক্ৰমে জয়পুৰ থানাৰ অন্তৰ্গত ২ নং বাঘমৰাৰ কেশৱ গগৈ (৪২) আৰু নামৰূপ থানাৰ অন্তৰ্গত নামৰূপ নিউ কলনিৰ পলাশ বৰা ওৰফে নিনজা (৩২) বুলি প্ৰকাশ ৷ বিশেষ সূত্ৰে প্ৰাপ্ত খবৰৰ ভিত্তিত আৰক্ষীয়ে তিনিচুকীয়া চহৰৰ এ টি ৰ’ডস্থিত মেট্ৰ’ নামৰ হোটেলখনত মাজনিশা প্ৰায় ১২.৩০ ৰ পৰা ১.৩০ বজাৰ ভিতৰত চলোৱা অভিযানত ১০৬ নং কোঠাৰ পৰা দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷ ব্যক্তিদ্বয়ৰ জিম্মাৰ পৰা অভিযানকাৰী আৰক্ষীয়ে প্ৰায় ৫.৫ গ্ৰাম সন্দেহজনক হেৰ’ইন, ৯৫ হাজাৰ নগদ ধন, ১০ টা ১ এম এল পৰিমাণৰ ছিৰিঞ্জ, এ এছ ০৬ এ এফ ১৭৯৯ নম্বৰৰ এভেঞ্জাৰ মটৰচাইকেল, ৩ টা মবাইল আৰু এখন পকেট ডায়েৰী জব্দ কৰে ৷