শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৬ জুলাই : নিষিদ্ধ ঘোষিত সংগঠনৰ দ্বাৰা অইলৰ তৈলক্ষেত্ৰত কূটাঘাতমূলক কাৰ্য্য সংঘটিত হোৱাৰ প্ৰবল সম্ভাৱনাক কেন্দ্ৰ কৰি ব্যাপক তৎপৰতা অব্যাহত থকাৰ সময়তে তিনিচুকীয়াৰ উপায়ুক্ত নৰসিং পৱাৰে আজি এক জৰুৰী নিৰ্দেশযোগে তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ অইল ইণ্ডিয়া লিমিটেডৰ অন্তৰ্গত ১৫ গুৰুত্বপূৰ্ণ সংস্থাপনক ন’ ড্ৰোন জ’ন হিচাপে ঘোষণা কৰিছে । ন’ ড্ৰোন জ’ন হিচাপে ঘোষণা কৰা অইল ইণ্ডিয়াৰ এই সংস্থাপনসমূহ হৈছে ক্ৰমে লাংকাচি আৰক্ষী চকীৰ লগতে মাকুম আৰু ডিগবৈ থানাৰ অন্তৰ্গত হাপজান, মাকুম, লাংকাচি, জোৰাজান, হেবেদা আৰু নগাজান অইল কালেক্টিং ষ্টেচন (অ’ চি এছ), লাংকাচি আৰক্ষী চকী আৰু ডিগবৈ থানাৰ অন্তৰ্গত অইলৰ মাকুম আৰু জোৰাজান গেছ কমপ্ৰেছন ষ্টেচন (জি চি এছ), বাৰেকুৰি আৰু বাঘজান থানাৰ লগতে তালাপ আৰক্ষী চকীৰ অন্তৰ্গত বাৰেকুৰি কুইক প্ৰডাকচন ছেট আপ (কিউ পি এছ), বাঘজান আৰু টি এক্স মেচাকি আৰ্লি প্ৰডাকচন ছেট আপ (ই পি এছ), ডিগবৈ থানাৰ অন্তৰ্গত জোৰাজান এক্সপ্ল’ছিভ মেগাজিন, বৰডুবি আৰু ডিগবৈ থানাৰ অন্তৰ্গত অইলৰ খাৰুৱা তেল/কনডেনছেট ল’ডিং/আনল’ডিং পইণ্ট দেওশালৰ এফ জি জি এছ, ডিগবৈৰ চেণ্ট্ৰেল ডিহাইড্ৰেটিং ষ্টেচন (চি ডি এছ) আৰু ডিগবৈৰ ডি বি ইউ এছ । আজি তিনিচুকীয়াৰ উপায়ুক্তই জাৰী কৰা এই নিৰ্দেশ পৰৱৰ্তী আদেশ নিদিয়া পৰ্য্যন্ত বাহাল থাকিব। অৱশ্যে এই আদেশত অসন্তুষ্ট ব্যক্তিয়ে লিখিত আপত্তি দাখিল কৰিব পাৰিব ।