শতাব্দ প্ৰতিনিধি, ২১ আগষ্ট: তিনিচুকীয়া জিলাৰ মাকুম অঞ্চলৰ লাংকাচিস্থিত অইল ইণ্ডিয়া লিমিটেডৰ হাপজান অ’ চি এছৰ (অইল কালেক্টিং ষ্টেচন) সমীপত আজি বিয়লি এটা শক্তিশালী গ্ৰেনেড উদ্ধাৰ হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি ইয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে গ্ৰেনেডটো কাপোৰেৰে মেৰিয়াই পথৰ কাষত পেলাই থোৱা আছিল৷ ইতিমধ্যে তিনিচুকীয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও কোনে কি উদ্দেশ্যেৰে গ্ৰেনেডটো উক্ত স্থানত পেলাই থৈ গৈছিল এই সন্দৰ্ভত বিশেষ তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ উল্লেখ্য যে নিৰাপত্তাৰ দিশৰ পৰা অইলৰ হাপজান অ’ চি এছ যথেষ্ট স্পৰ্শকাতৰ৷ উক্ত অঞ্চলৰ আশেপাশে আছে একাধিক তেল পৰিবাহী পাইপলাইন৷ স্বাধীনতা দিৱসৰ পূৰ্বে আলফাত সদস্য ভৰ্ত্তিৰ অভিযানৰ লগত জড়িত থকাৰ অভিযোগত তিনিচুকীয়া আৰক্ষীয়ে একাধিক ব্যক্তিক আটক কৰাৰ লগতে তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত জিলাখনৰ ডিগবৈ অঞ্চলৰ ওপৰ মামৰণি গাঁৱৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল বৃহৎ পৰিমাণৰ বিস্ফোৰক৷ আজিৰ ঘটনাৰ অন্তৰালতো আলফা (স্বাঃ) জড়িত থকা বুলি সন্দেহ কৰা হৈছে যদিও আৰক্ষীয়ে এইক্ষেত্ৰত আনুষ্ঠানিকভাৱে কোনো কথা সদৰি কৰা নাই৷

পূৰ্বৱৰ্তী লেখা
ড্ৰাগছৰ অপব্যৱহাৰ নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় ৰোধৰ বাবে তিনিচুকীয়াত গুৰুত্বপূৰ্ণ বৈঠক
পৰৱৰ্তী লেখা