তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ভৱন নিৰ্মাণৰ বাবে পুঁজি আৱন্টনৰ প্ৰতিশ্ৰুতি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ

0 113

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ নৱেম্বৰ : তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে চহৰখনৰ বৰগুৰিস্থিত সন্থাৰ কাৰ্যালয় ভৱনৰ বাবে আবণ্টিত ভূমি আৰু জিলা পৰিষদৰ সভাকক্ষত পালন কৰা হয় । আজি পুৱা জিলা সাংবাদিক সন্থাৰ সভাপতি অনুজ কলিতাই পতাকা উত্তোলন কৰাৰ পাছত স্মৃতি তৰ্পন কাৰ্যসূচীৰ আঁত ধৰে জ্যেষ্ঠ সাংবাদিক ড° ঋষি দাস আৰু মহম্মদ হুছেইন খানে। কাৰ্যসূচীৰ লগত সংগতি ৰাখি পৰিৱেশ সুৰক্ষা সমিতি, অসমে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণী বৰ্ষজোৰা গছপুলি ৰোপণ, বিতৰণ আৰু প্ৰতিপালন কাৰ্যসূচীৰ অন্তৰ্গত গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰে । এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পৰিবেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱা আৰু তিনিচুকীয়া সাংবাদিক চ’ৰাৰ সভাপতি কমল তালুকদাৰে। কাৰ্যসূচীত সাংবাদিকসকলৰ মাজত মূল্যবান গছপুলি বিতৰণ কৰা হয়। ইয়াৰ পাছত সভাপতি অনুজ কলিতাৰ পৌৰোহিত্যত জিলা পৰিষদৰ সভাকক্ষত অনুষ্ঠিত ন-পুৰণি সতীৰ্থ সন্মিলনত জিলাখনৰ শতাধিক নবীন-প্ৰবীন সাংবাদিকৰ লগতে অতিথিৰূপে উপস্থিত থাকে উপায়ুক্ত নৰসিং পৱাৰ, জিলা তথ্য আৰু জনসংযোগ বিষয়া মুনমুন বৰকটকী, তিনিচুকীয়া জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুনিন্দ্ৰ বৰদলৈ আৰু সভাপতি ৰাজেন্দ্ৰ কৈৰী, জিলা পৰিবহন বিষয়া ৰাজীৱ পেগুকে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তি । সন্থাৰ সম্পাদক ৰাণাজ্যোতি নেওগে আঁত ধৰা তথা উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত অমূল্য খাটনিয়াৰ, হিমেন ভট্টাচাৰ্য, অৰ্জুন বৰুৱাকে আদি কৰি কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিকে স্মৃতি ৰোমন্থন কৰি বক্তব্য ৰাখে । উল্লেখ্য যে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ বিপৰীতে আবন্টিত ভূমিত অচিৰেই নিৰ্মাণ হ’বলগা সন্থাৰ ভৱন নিৰ্মাণৰ বাবে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই সাংসদ পুঁজিৰ ধন আগবঢ়োৱাৰ প্ৰতিশ্রুতি প্ৰদান কৰা বুলি আজিৰ সভাত সম্পাদক ৰাণাজ্যোতি নেওগে প্ৰকাশ কৰে। সভাত তিনিচুকীয়া জিলাৰ অৰ্ধ-শতাধিক প্ৰাক্তন সতীৰ্থ সাংবাদিক তথা জিলাৰ সভ্য সকলক সম্বৰ্ধনা পত্ৰ আৰু ফুলাম গামোচাৰে প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰা হয় ।

মন্তব্য দিয়ক

Your email address will not be published.