শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৩ ডিচেম্বৰঃ সমগ্ৰ দেশৰ লগতে অসমতো ধুবুৰীৰ পৰা শদিয়ালৈ আৰম্ভ হোৱা কংগ্ৰেছ দলৰ ’ভাৰত জোড়ো যাত্ৰা’ আজি তিনিচুকীয়াত উপস্থিত হয়। উল্লেখ্য, এই যাত্ৰাই আজি তিনিচুকীয়াত ৪৩ দিন সম্পূৰ্ণ কৰে। আজি স্থানীয় দহোতীয়াচুক বিহুতলীৰ ৰাজহুৱা পৰা যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে এক ৰাজহুৱা সভাৰ আয়োজন কৰা হয়৷ সভাৰ অন্তত দহোতীয়াচুক বিহুতলীৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে শিৱধাম পৰ্যন্ত যাত্ৰা বাহিৰ কৰা হয়। এই পদযাত্ৰাত আজি কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা, বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুত বৰদলৈ, ৰাজ্যিক মুখ্য আহ্বায়ক ৰমেন বৰঠাকুৰ, ৰাজ্যিক উপ-সভাপতি ৰাণা গোস্বামী, ৰাষ্ট্ৰীয় সম্পাদক তথা ৰাজ্যিক প্ৰভাৰী বিকাশ উপাধ্যায়, অপূৰ্ব ভট্টাচাৰ্যকে ধৰি প্ৰায় দুই সহস্ৰাধিক দলীয় কৰ্মী অংশগ্ৰহণ কৰে। ইফালে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা আৰু মৌলানা বদৰুদ্দিন আজমলে মহিলাৰ শালীনতা ভংগ কৰাৰ প্রতিদ্বন্দ্বিতাত নামি পৰা বুলি কংগ্রেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে৷ তেওঁ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক আক্ৰমণ কৰি কয় যে ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত তিনিচুকীয়া জিলাত বনাঞ্চল ধ্বংস কৰা হৈছে, বৃহৎ পৰিসৰত অবৈধভাৱে কয়লাৰ খনন আৰু সৰবৰাহ চলিছে ৷ চিণ্ডিকেটৰাজে সমগ্ৰ ৰাজ্য গ্ৰাস কৰিছে বুলি বৰাই বিজেপি চৰকাৰক চোকা সমালোচনা কৰে। আজিৰ এই পদযাত্ৰাত ৰাজ্যিক কংগ্ৰেছৰ উপ-সভাপতি ৰাজু চাহু, সম্পাদক প্ৰণৱ বৰুৱা, তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি জীৱন কুৰ্মী, সম্পাদক যুগিন্দৰ সিং, প্ৰেম উপাধ্যায়, যুৱ কংগ্ৰেছৰ শিৱনাথ চেতিয়াকে ধৰি বহুকেইজন ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ কংগ্ৰেছ নেতা-কৰ্মীয়ে ভাগ লয়। যোৱা ১ নৱেম্বৰত ধুবুৰীৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা ১৫ ডিচেম্বৰত শদিয়াত সমাপ্তি ঘটিব।