শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৯ মে’: তিনিচুকীয়া সাংবাদিক চ’ৰাৰ (তিনিচুকীয়া প্ৰেছ ক্লাব) দশম সংখ্যক অধিবেশন এদিনীয়া কাৰ্যসূচীৰে দেওবাৰে অনুষ্ঠিত হৈ যায়৷ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ পাছত চ’ৰাৰ সভাকক্ষত ’সাংবাদিকতাৰ নৈতিকতা আৰু আইন’ শীৰ্ষক এক পাৱাৰপইণ্ট প্ৰেজেণ্টেছন আগবঢ়াই জেষ্ঠ সাংবাদিক ড° ঋষি দাসে৷ দুপৰীয়া আহাৰ বিৰতিৰ পাছত অনুষ্ঠিত এক সম্বৰ্দ্ধনা সভাত নতুন দিল্লীৰ এক উচ্চ শিক্ষানুষ্ঠানত দুবছৰীয়া পাঠ্যক্ৰমৰ বাবে ফেল’শ্যিপ লাভ কৰিবলৈ সক্ষম হোৱা চ’ৰাৰ সভাপতি কমল তালুকদাৰৰ কন্যা বাবলি তালুকদাৰ আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা চ’ৰাৰ সদস্য উমেশ সিঙৰ পুত্ৰ ৰোহন সিঙৰ লগতে তিনিচুকীয়া সাংবাদিক চ’ৰাৰ উদ্যোগত অলপতে অনুষ্ঠিত হৈ যোৱা জিলা সাংবাদিক সন্থাৰ অধিবেশনত নিজৰ ওপৰত অৰ্পিত দায়িত্ব সুচাৰুৰূপে পালন কৰাৰ বাবে চ’ৰাৰ সদস্য অৰ্জুন মিশ্ৰক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়৷ সম্বৰ্ধনা সভাৰ আঁত ধৰে সম্পাদক প্ৰণৱ ফুকনে৷ ইয়াৰ পাছত তিনিচুকীয়া সাংবাদিক চ’ৰাৰ সভাপতি কমল তালুকদাৰৰ পৌৰোহিত্যত অনুষ্ঠিত অন্তিম সাধাৰণ সভাত সম্পাদকীয় আৰু বিত্তীয় প্ৰতিবেদন পাঠ আৰু গ্ৰহণৰ উপৰি আন একাধিক বিষয়ৰ ওপৰত আলোচনা কৰা হয়৷ ইয়াৰ পাছত অনুষ্ঠিত হয় নতুন সমিতি গঠন প্ৰক্ৰিয়া৷ উল্লেখ্য যে এইবাৰ তিনিচুকীয়া সাংবাদিক চ’ৰাৰ ৯ জনীয়া কাৰ্যনিৰ্বাহক সমিতিৰ বাবে মুঠ ১২ জনে মনোনয়ন পত্ৰ দাখিল কৰিছিল৷ ইয়াৰে ৩টা পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়৷ ভোটদান হয় চ’ৰাৰ মুঠ ২১জন সদস্য/সদস্যাৰ ভিতৰত ১৯ টা৷ সভাপতি পদত কমল তালুকদাৰে ১২টা ভোট লাভ কৰি জয়যুক্ত হোৱাৰ বিপৰীতে প্ৰতিদ্বন্দ্বী ৰঞ্জিত দত্তই লাভ কৰে ৭টা ভোট৷ উপ-সভাপতিৰ পদত কৃষ্ণা উপাধ্যায়ে ৮টা ভোট লাভ কৰাৰ বিপৰীতে ১১টা ভোট লাভ কৰি জয়যুক্ত হয় উমেশ কুমাৰ সিং৷ আনহাতে সম্পাদকৰ পদত চিন্ময় শৰ্মাই ১৪টা ভোট লাভ কৰি জয়যুক্ত হোৱাৰ বিপৰীতে প্ৰতিদ্বন্দ্ব্বী বিকাশ বৰুৱাই লাভ কৰে ৫টা ভোট৷ চ’ৰাৰ দুই সহকাৰী সম্পাদকৰ পদত বিপ্লৱ চেতিয়া, প্ৰমোদ সিং, কোষাধ্যক্ষৰ পদত অৰ্জুন মিশ্ৰ, তিনি কাৰ্যনিৰ্বাহক সদস্যৰূপে হীৰালাল শৰ্মা, সূৰজ দাস আৰু বিজয় শৰ্মা বিনাপ্ৰতিদ্বন্দ্ব্বীতাৰে নিৰ্বাচিত হয়৷ নতুন সমিতি গঠন প্ৰক্ৰিয়াত নিৰ্বাচনী বিষয়াৰূপে চ’ৰাৰ আমন্ত্ৰণক্ৰমে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত প্ৰবীন সাংবাদিক হিমেন ভট্টাচাৰ্য আৰু প্ৰাক্তন সাংবাদিক তথা বৰ্তমান মটক স্বায়ত্ত্বশাসিত পৰিষদৰ অধ্যক্ষ সৰোজ গোঁহাই৷