তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ মহানুভৱতা

১৩ কিলোমিটাৰ খোজকাঢ়ি মহাবিদ্যালয়লৈ অহা ছাত্ৰীক চাইকেল প্ৰদানৰ লগতে ল’লে পঢ়াৰ খৰচৰ দায়িত্ব

0 209

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ২২ আগষ্টঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ’বেটী বচাও বেটী পঢ়াও’ কাৰ্যসূচীৰ আধাৰত তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনে তেওঁলোকৰ প্ৰথম বাৰ্ষিকী সমাৰোহত আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীসকল উপকৃত হোৱাকৈ ঘোষণা কৰিছে এক অভিযোজন কাৰ্যসূচী৷ সেই অনুসৰি যোৱা দেওবাৰে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ প্ৰথম বাৰ্ষিকী সমাৰোহ ’ৰোমন্থন ২০২৩’ৰ অধীনত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ সভাপতি ৰঘূবীৰ সিং নেগীয়ে এই অভিযোজন কাৰ্যসূচীৰ পোষকতা কৰি প্ৰায় ১৩ কিলোমিটাৰ নিলগৰ মহাকালী বাগিছাৰ পৰা পদব্ৰজে মহাবিদ্যালয়লৈ অহাযোৱা কৰা স্নাতক তৃতীয় ষাণ্মাসিকৰ (কলা) মাতৃহীনা ছাত্ৰী জোনমণি খাৰিয়াক এখন চাইকেল উপহাৰ দিয়াৰ লগতে পঢ়াশুনাৰ যাৱতীয় খৰচ বহন কৰাৰ দায়িত্ব লয়৷ ’ৰোমন্থন ২০২৩’ৰ কাৰ্যসূচী সন্মিলনৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ হোৱাৰ পাছত প্ৰয়াত শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷ সমাৰোহৰ মূল কাৰ্যসূচী আৰম্ভ হয় মাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ সম্বৰ্ধনা অনুষ্ঠানেৰে৷ ইয়াৰ পাছত চিনাকি পৰ্ব আৰু অন্তৰংগ আলাপ অনুষ্ঠান, প্ৰাক্তন তথা বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীৰ কলা প্ৰদৰ্শনৰ অন্তত প্ৰীতিভোজেৰে অনুষ্ঠানৰ সামৰণি কৰা হয়৷

মন্তব্য দিয়ক

Your email address will not be published.