তুমি সদায় আছা, সদায় থাকিবা (শ্ৰদ্ধাৰ্ঘ বিষ্ণু প্ৰসাদ ৰাভা)

0 129

ৰূপম বৰা

বিপ্লৱৰ অগ্নি বাণীৰে
চিঙি দিয়া দাসত্বৰ লোৰ জিঞ্জিৰী
শোষিত, নিষ্পেষিত,দীন দুখীয়াৰ দুৱাৰে দুৱাৰে
বিলাই দিয়া স্বাধিকাৰৰ শ্লোগান।

হে বীৰ , অধিনায়ক বিষ্ণু ৰাভা
ডালিমীৰ শান্তি শায়িত কোলাত বিশ‌্ৰামৰ ঘুমুতিৰে
বোৱাই দিয়া পাহাৰ ভৈয়ামৰ প্ৰেম নিজৰা
লিখি যোৱা ‘দাস কেপিটেল’

জাগ্ৰত প্ৰহৰী হৈ
ৰিভলভাৰৰ গুলীৰে
ফিৰাই আনা স্বাধীনতাৰ তেজোদীপ্ত শৰীৰ।

তুমি বজ্ৰ হোৱা ,
তুমি অগ্নি হোৱা
ধুমুহা হৈ কালৰূপ ধৰা
জনতা মঙ্গলৰ।

বিষ্ণু ককাইদেউ তুমি নাই
ইটো হ’বই নোৱাৰে !
জাগ্ৰত জনতাৰ হিয়াৰ পদূলিত
তুমি সদায় আছা
সদায় থাকিবা
সদায় থাকিবা
পৃথিৱী থকালৈ।

 

মন্তব্য দিয়ক

Your email address will not be published.