শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৭ছেপ্টেম্বৰঃ চৰকাৰৰ মানসিক সন্তুলন হেৰাইছেনে, এপিডিচি এলৰ হেৰাইছে? এইসকলক ঠিক কৰিবলৈ তেজপুৰত মানসিক চিকিৎসালয় আছে৷ গতিকে তেজপুৰতে এইসকলক চিকিৎসা আৰম্ভ কৰিব লাগিব৷ আজি তেজপুৰত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত এনেদৰেই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে শোণিতপুৰ জিলা কংগ্ৰেছে৷ বৰ্দ্ধিত বিদ্যুৎ বিল আৰু হঠাৎ অভাৱনীয় পৰিমানৰ বিদ্যুৎ বিলৰে সৰ্বসাধাৰণক হাৰাশাস্তি কৰা এপিডিচিএল আৰু চৰকাৰী নীতিৰ বিৰুদ্ধে আজি বিদ্যুত সংমণ্ডলটোৰ সন্মূখত তথা পদুম পুখুৰীৰ পাৰত শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি ৰাম প্ৰসাদ শৰ্মা, অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ দাদুল বৰকাকতি, জিলা কংগ্ৰেছৰ আন এগৰাকী বিষয় ববীয়া নয়ন গোস্বামীকে ধৰি ভালেসংখ্যক কংগ্ৰেছ নেতাকৰ্মীৰ অংশ গ্ৰহণৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ আজি পুৱা ১০-৩০বজাৰ পৰা দিনৰ ১২বজালৈকে ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচীত এপিডিচিএলক অসুৰৰ ৰূপত সাধাৰণ লোকৰ ওপৰত অত্যাচাৰ চলোৱা এক চৰিত্ৰৰো প্ৰদৰ্শন কৰা হয়৷প্ৰতিবাদৰ সময়ত প্ৰাক্তন সাংসদ শৰ্মাই কয় যে ২০১৪ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যে মূল্য বৃদ্ধিৰ প্ৰসংগৰে কৈছিল, আমাৰ শিশুসকল খালী পেটে শুব লগীয়া হৈছে, আমাৰ মাতৃ ভনীসকলে চকুলোৰে বাট নেদেখা হৈছে, এতিয়া তেওঁ এইবোৰ কথা কিয় নকয়?এইবোৰ কথা কোৱাৰ সাহস কোনজন বিজেপি মন্ত্ৰীৰ এতিয়া আছে বুলি প্ৰশ্ন কৰি তেওঁ আৰু কয় যে,কৰৰ ওপৰত কৰ জাপি দি সৰ্বসাধাৰণক সৰ্বস্বান্ত কৰা বিজেপি চৰকাৰে বিনামূলীয়া চাউল আৰু পেঞ্চনৰ নামত ১২শ টকা দিয়াৰ বিপৰীতে বজাৰৰ সামগ্ৰীৰ পৰা অতিৰিক্ত ৩ হাজাৰ টকা লৈ গৈছে৷ বিজেপিয়ে কেৱল আম্বানি আৰু আদানিকে চিনি পায় বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে,বিজেপিৰ ঝুমলাৰ বিষয়ে আৰু এফালে দিয়া দেখুৱাই মনে মনে তাৰ তিনিগুণ লৈযোৱা কাণ্ডৰ বিষয়ে ৰাইজে যিমান শীঘ্ৰেই বজি পায় সিমানেই মংগল বুলিও তেওঁ মন্তব্য কৰে৷ কংগ্ৰেছ দেশৰ পৰা কেতিয়াও নিশ্চিহ্ন নহয় বুলি মন্তব্য কৰি ভৱিষ্যতে বিজেপিহে নিশ্চিহ্ন হ’ব বুলিও কয়৷ আনহাতে স্মাৰ্ট মিটাৰৰ নামত ৰাজ্যৰ ৬৮লাখ বিদ্যুৎ গ্ৰাহকৰ পৰা এপিডিচিএলে আঠ হেজাৰকৈ টকা সংগ্ৰহ কৰিবলৈ ওলোৱা আৰু মুখ্যমন্ত্ৰী, শক্তি বিভাগৰ মন্ত্ৰী তথা এপিডিচিএলৰ অধ্যক্ষৰ কথা বতৰাৰ মাজত অমিল থকা বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰিছে আৰু ইয়াৰ এটা শক্তিশালী তদন্তৰ দাবী জনাইছে কংগ্ৰেছে৷ প্ৰতিবাদস্হলিত এই কথা প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দাদুল বৰকাকতিয়ে কয় যে নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো পৰিয়ালক মাহে ২০ইউনিত বিদ্যুৎ বিনামূলীয়াকৈ যোগানৰ প্ৰতিশ্ৰুতি দিয়া বিজেপিয়ে শাসনলৈ অহাৰ পাছত বিদ্যুতৰ বিল বৃদ্ধি কৰাৰ লগতে বৰ্তমান আনকি মানুহৰ নিজা ঘৰৰ চৌহদৰ ভূগৰ্ভৰ পানীৰ বাবেও কৰ দিবলৈ বাধ্য কৰিছে৷ এই চৰকাৰে সাধাৰণ লোকক কৰৰ ওপৰত কৰ জাপি দি জীয়াই থকাৰ অধিকাৰ কাঢ়ি নিবলৈ ওলাইছে বুলি উল্লেখ কৰি বিজেপি শাসনত থাকিলে ভয়াৱহ অৱস্থাৰ সৃষ্টি হ’ব বুলিও তেওঁ মন্তব্য কৰে৷ এপিডিচিএল হাই হাই,এপিডিচিএল লেই লেই চেই চেই, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলা প্ৰতিবাদকাৰী সকলে বিদ্যুতৰ মাছুল হ্ৰাস কৰা আৰু বিভিন্ন কৰ প্ৰত্যাহাৰ কৰাৰো দাবী জনায়৷