শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৪মাৰ্চঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত আজিও তেজপুৰত একাধিক ছাত্ৰ সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে৷ আজি চহৰখনৰ মাজমজিয়াত আছুৱে এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনৰ পুত্তলিকা ফাঁচিকাঠত ওলমাই দুয়োৰে পদত্যাগ দাবী কৰে৷শোণিতপুৰ জিলা ছাত্ৰ সন্হাৰ বিষয়ববীয়াৰ উপস্থিতিত আছুৰ প্ৰতিবাদী সদস্য সকলে এনে কাণ্ডৰ বাবে বিভাগীয় মন্ত্ৰী আৰু অধ্যক্ষৰ দায়িত্বহীনতা মূল কাৰণ বুলি অভিহিত কৰি এনে পুতলা মন্ত্ৰীৰ কামনাই বুলিও কয়৷শিক্ষামন্ত্ৰী হায় হায়,শিক্ষা মন্ত্ৰীয়ে পদত্যাগ কৰক,ছাত্ৰছাত্ৰীৰ জীৱনকলৈ হেতালি নেখেলিব আদি শ্ল’গানৰে পৰিৱেশ উত্তাল কৰা আছু কৰ্মী সকলে মন্ত্ৰী তথা অধ্যক্ষক অপসাৰণ কৰিবলৈও দাবী জনাই৷আনহাতে একেটা বিষয়ক লৈ আজি দিনৰ প্ৰায় ১১বজাত অল ইন্ডিয়া ডিএছ অ’ৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত তেজপুৰত পৃথকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।তেজপুৰৰ নিকামূল চাৰিআলিত এ আই ডি এছ অ’ৰ কৰ্মী সমৰ্থক সমবেত হৈ শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ কৰে। প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লেকাৰ্ড,ফেষ্টুন লৈ ‘চৰকাৰে ছাত্র ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা বন্ধ কৰক, বাৰে বাৰে প্ৰশ্নপত্ৰ ফাদিল হয় কিয়- চৰকাৰে জবাব দিয়ক, উচ্চ পৰ্যায়ৰ তদন্ত কৰি সকলো দোষীক কঠোৰতম শাস্তি দিয়ক, ছেবাক ধ্বংস কৰাৰ চক্ৰান্ত বন্ধ কৰক ইত্যাদি শ্লোগানেৰে উত্তাল কৰি তোলে। পাছত শিক্ষামন্ত্ৰীৰ পুত্তলিকাত অগ্নি সংযোগ সংগঠনটোৰ জিলা সম্পাদক মাধুৰ্য্য গগৈয়ে অগ্নিসংযোগ কৰে৷