শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৮ মে’: “সংবিধানৰ চিপাহী” শীৰ্ষক এক কাৰ্যসূচী সমগ্ৰ ভাৰতৰ ভিতৰত অসমৰ তেজপুৰৰ পৰা আজি কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আই য়ে মুকলি কৰে। এক সংবাদ মেলৰ যোগেদি এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় সম্পাদক অনুষেছ শৰ্মাই এই কাৰ্যসূচী মুকলি কৰি কয় যে, দেশৰ বৰ্তমান ৰাজনৈতিক আৰু সামাজিক পৰিস্হিত আৰু হিংসা আৰু বিদ্বেষ কৰা হৈছে আৰু চৰকাৰী প্ৰতিষ্ঠান সমূহ ধ্বংসৰ মুখলৈ ঠেলি দিয়া হৈছে, গণতন্ত্ৰৰ হত্যা কৰা হৈছে আৰু সংবিধান নিঃশেষ কৰাৰ বাবে বিজেপি আৰু আৰ এছ এছ দলে প্ৰচেষ্টা অব্যাহত ৰাখিছে । এই সমগ্ৰ গণতন্ত্ৰ ধ্বংস কৰা কাৰ্য্যৰ বিৰুদ্ধে দেশৰ ছাত্ৰ সমাজক জাগ্ৰত কৰাৰ বাবে এই কাৰ্য্যসূচী এন এছ ইউ আই য়ে আজিৰে পৰা আৰম্ভ কৰিছে । আজি তেজপুৰ ৰাজীৱ ভৱনত এন এছ ইউ আই ৰ সাধাৰণ সম্পাদক শৰ্মাই মন্তব্য কৰে যে দেশৰ লগতে এই অশুভ প্রয়াস অসমতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে ও আৰম্ভ কৰিছে । সেইবাবে অসমৰ ছাত্ৰ সমাজক শৈক্ষিক দিশৰ লগতে সামাজিক আৰু ৰাজনৈতিক ভাবে সচেতন আৰু জাগ্ৰত কৰাৰ বাবে অসম ৰাজ্যিক এন এছ ইউ আই য়ে “সংবিধানৰ চিপাহী” শীৰ্ষক কাৰ্য্যসূচীৰেছাত্ৰ সমাজক একত্ৰিত কৰাৰ প্ৰচেষ্টা হাতত লৈছে। আজি ৰাজ্যিক এন এছ ইউ আয়ে ৰাষ্ট্ৰীয় সম্পাদকৰ জৰিয়তে তেজপুৰ আইন মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ মাজত এই সজাগতাৰ আৰম্ভ কৰে ।এন এছ ইউ আই য়ে মঙ্গলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত সংবাদ মেলৰ জৰিয়তে এই “সংবিধানৰ চিপাহী” কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও জানিব দিয়ে । সংবাদ মেলত ৰাজ্যিক এন এছ ইউ আইৰ সম্পাদক কৌশিক কাশ্যপ, জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতিৰ লগতে অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে ।