তেজপুৰত এহেজাৰ কাৰ্টন চোৰাং সুৰা জব্দ:গ্ৰেপ্তাৰ চাৰিজনক

0 11
শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,২৩ডিচেম্বৰঃ অৰুণাচল প্ৰদেশৰ পৰা দেশৰ সুৰা নিষিদ্ধ ৰাজ্যলৈ  বৃহৎ পৰিমানৰ সুৰা গোপনে সৰবৰাহ হৈ থকাৰ বিষয়ে অভিযোগ উঠি অহাৰ সময়তে আজি কাহিলি পুৱাতে শোণিতপুৰৰ আৱকাৰি বিভাগে অতি কৌশলৰে মণিপুৰলৈ বুলি কঢ়িয়াই অনা প্ৰায় এহেজাৰ কাৰ্টন অৰুণাচলী সুৰা তেজপুৰত জব্দ কৰিবলৈ সক্ষম হয়৷উল্লেখযোগ্য যে এএছ০১ইচি৪০৬৭ আৰু এএছ০১ডিডি ৪১৬২ নম্বৰ ১২চকাৰ ট্ৰাক দুখনৰ এটা অংশত কংক্ৰিটৰ ইটা জাপি ইয়াৰ পিছত কঢ়িয়াই অনা হৈছিল এই চোৰাং সুৰা৷একোখন ট্ৰাকত পাঁচশ কাৰ্টনকৈ সুৰা কঢ়িয়াই অনাৰ বিষয়ে আৱকাৰী বিভাগে লাভকৰা আগতীয়া তথ্যৰ ভিত্তিত তেজপুৰৰ মিছনচাৰিআলি আৰু ডেকাৰগাঁৱৰ মাজত ১৫নম্বৰ ৰাষ্ট্ৰীয় পথত জিলাখনৰ বিভাগীয় শীৰ্ষবিষয়া সহ আৱকাৰী দল এটাই খাপ পিটি আজি পুৱা প্ৰায় চাৰি বজাত এই দুইখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়৷ট্ৰাক দুখনত কঢ়িয়াই অনা পেভাৰ ব্লক সমূহ নমোৱাৰ লগে লগে ইয়াত অনা সুৰাৰ কাৰ্টন সমূহ ওলাই পৰে৷ঘটনা সন্দৰ্ভত ট্ৰাক দুখনত থকা মণিপুৰৰ ইম্ফলৰ আছু মাছিম,বসন্ত সিং,গোপাল ছেত্ৰী আৰু আনন্দ সিং নামৰ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে৷উল্লেখযোগ্য যে,জব্দকৃত চোৰাং সুৰাৰ মূল্য মুকলি বজাৰত ৩৫-৪০লাখ টকা বুলি প্ৰকাশ কৰিছে আৱকাৰী বিভাগে৷
মন্তব্য দিয়ক

Your email address will not be published.