তেজপুৰত ঐশ্বৰ্য কাকতিৰ ‘ঐশ্বৰ্য্যবিচিত্ৰা’ শীৰ্ষক গ্ৰন্থ উন্মোচন
মানুহৰ মন মগজু লৰাই দি হৃদয়ত কম্পন তুলিব পৰা সকলেহে প্ৰকৃত গ্ৰন্থাকাৰ বা নাট্যকাৰ- ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ
শতাব্দ প্ৰতিনিধি তেজপুৰ, ৩০ এপ্ৰিলঃ এতিয়া গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰা হয় । গ্ৰন্থমেলা আয়োজনেৰে কোটি কোটি টকাৰ বিক্ৰীৰ অভিলেখ সৃষ্টি কৰা হয় । কিন্তু এতিয়া আগৰদৰে কোনেও গ্ৰন্থবোৰ নপঢ়ে বা পঢ়িলেও সম্পূৰ্ণকৈ নপঢ়ে । অসমীয়া জাতি আৰু ভাষা এতিয়া ভাঙি চাৰখাৰ । আজি তেজপুৰত এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিশিষ্ট সাহিত্যিক তথা প্ৰতিবছৰেই বিশেষভাবে সক্ষম লেখক-লেখিকাসকলৰ বাবে নগদ এক লাখ টকা সহ ‘দেৱচনচ’ বঁটা প্ৰদান কৰি অহা বিশিষ্ট চিকিৎসক ডাঃ অমৰেন্দ্ৰ নাৰায়ণদেৱে । উল্লেখ্য যে আজি তেজপুৰ সাহিত্য সভা ভৱনত বিশিষ্ট প্ৰৱন্ধকাৰ তথা নাট্যকাৰ ঐশ্বৰ্য্য কাকতিৰ উপন্যাস, নাটক আৰু নানাৰঙী জীৱনৰ স্মৃতি কথাৰ একত্ৰ সংকলন ‘ঐশ্বৰ্য্য বিচিত্ৰা’ শীৰ্ষক গ্ৰন্থখন আনুষ্ঠানিকভাবে উন্মোচন কৰা হয় । উন্মোচনী সভাত অংশ গ্ৰহণ কৰি গ্ৰন্থাকাৰ ঐশ্বৰ্য্য কাকতিৰ বাল্যকালৰ বন্ধু ডাঃ অমৰেন্দ্ৰ নাৰায়ণদেৱে আগবঢ়োৱা বক্তব্যত শিক্ষা আৰু জ্ঞান বেলেগ বিষয় বুলি কৈ পাঠ্যপুথিৰ দ্বাৰা শিক্ষাহে লাভ কৰিব পাৰি জ্ঞান নহয় বুলি মন্তব্য কৰে । ডাঃ নাৰায়ণদেৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, সুধাকণ্ঠ ড° ভূপেন হাজৰিকা প্ৰমুখ্যে বৰেণ্য ব্যক্তিসকলে আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰি প্ৰসংগক্ৰমে, মানুহৰ মনমগজু লৰাই দি হৃদয়ত কম্পন তুলিব পৰা সকলেহে প্ৰকৃত গ্ৰন্থাকাৰ বা নাট্যকাৰ বুলি মন্তব্য কৰে । তেজপুৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ লগতে বিদ্বৎ সমাজৰ একাংশ লোকৰ উপস্থিতিত ঐশ্বৰ্য্য কাকতিৰ শেহতীয়া গ্ৰন্থ ‘ঐশ্বৰ্য্য বিচিত্ৰা’ আনুষ্ঠানিকভাবে উন্মোচন কৰে গুৱাহাটীস্থিত অসম সাহিত্য সভা কাৰ্যালয়ৰ সচিব তথা বিশিষ্ট লেখক-সাংবাদিক চন্দন শমাৰ্ই । গ্ৰন্থখনি উন্মোচন কৰি চন্দন শমাৰ্ই আগবঢ়োৱা বক্তব্যত বিশ্বৰ কেবাগৰাকী বিশিষ্ট লিখক আৰু কবিৰ কথা উল্লেখ কৰি অসমৰ বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হোমেন বৰগোহাঞিয়েও ঐশ্বৰ্য্য কাকতিৰ লিখনিৰ প্ৰশংসা কৰি যোৱাৰ কথা উল্লেখ কৰি অনাগত দিনত সকলোকে প্ৰতিদিনে অন্ততঃ এটা ভাল কাম কৰি যোৱাৰ আহ্বান জনায় । উন্মোচনী সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশ গ্ৰহণ কৰি দৰং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক তথা তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পূৰ্ণেশ্বৰ নাথে প্ৰদান কৰা বক্তব্যত প্ৰসংগক্ৰমে, সৃষ্টিশীল কৰ্মৰাজিত জড়িত থকা বিশেষকৈ লিখক-কবিসকলৰ আগ্ৰহ আৰু কৌতুহলী মনটোকলৈ নিজেও অত্যন্ত কৌতুহলৰ মাজত দিন কটোৱা বুলি উল্লেখ কৰে । লিখকৰ বিলাসিতাই সাহিত্য জীয়াই ৰাখিব নোৱাৰে বুলি কৈ শিক্ষাবিদ নাথে যি লিখনিত মানুহৰ কণ্ঠস্বৰ নিহিত হৈ থাকে সেই লিখনিহে বৰেণ্য বু্লি মন্তব্য কৰি সাম্প্ৰতিক কালত বিভিন্ন সুৰী ভাষা-সংস্কৃতিৰ বসবাসৰ থলী দেশখনত এই জনগোষ্ঠীবোৰৰ নিজস্ব বৈচিত্ৰময় ভাষা-কলা-সংস্কৃতি নিশেষ কৰাৰ এক প্ৰক্ৰিয়া চলিছে বুলিও আক্ষেপ প্ৰকাশ কৰে। অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত লিখক ঐশ্বৰ্য্য কাকতিয়ে আগবঢ়োৱা বক্তব্যত জীৱনৰ পঢ়াশালীৰ পৰা লাভ কৰা জ্ঞানেৰে গ্ৰন্থখনি লিখা বুলি কৈ উদণ্ডতাৰ পৰাও শিক্ষা লব লগীয়া আছে বুলি মন্তব্য কৰে । বেয়াৰ মাজত থাকিও ভাল আহৰণ কৰা ক্ষমতা থাকিব লাগে বুলি কাকতিয়ে মন্তব্য কৰি গ্ৰন্থখনি পাঠক সমাজৰ মাজত আমনিদায়ক নহৈ সুখপাঠ্য হওক বুলি আশা ব্যক্ত কৰাৰ লগতে আজিৰ প্ৰতিকূল বতৰকো নেওচি অনুষ্ঠানটিত উপস্থিত হোৱা গ্ৰন্থপ্ৰেমী আৰু গুণমুগ্ধসকলৰ পৰা শুভেচ্ছা আৰু আশীৰ্বাদ কামনা কৰে । উল্লেখ্য যে, আজিৰ এই অনুষ্ঠানতেই অসম সাহিত্য সভাৰ সচিব চন্দন শমাৰ্ই ঐশ্বৰ্য কাকতিক আনুষ্ঠানিকভাবে অসম সাহিত্য সভাৰ আজীৱন সভ্যৰ মানপত্ৰ প্ৰদান কৰে । আনহাতে ৪৪৮ পৃষ্ঠাৰ এই গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানতে যোৱা ২৭ মাৰ্চত সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটী ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ হোৱা ঐশ্বৰ্য কাকতি ৰচিত আৰু পৰিচালিত ‘ধুমুহাতো জ্বলি আছে এগছি বন্তি’ নাটকত অভিনয় কৰা ইউনাইটেড আৰ্টিষ্টৰ কুশীলৱসকলক সাংস্কৃতিক সঞ্চালকালয়ৰ মানপত্ৰ প্ৰদান কৰে । অনুষ্ঠানটিত উদীয়মান কণ্ঠশিল্পী কৃষ্টি বৰঠাকুৰে গীত পৰিৱেশন কৰাৰ লগতে চন্দ্ৰাক্ষী মহন্তই সৃজনীমূলক নৃত্য পৰিৱেশন কৰে
