শতাব্দ প্ৰতিনিধি,তেজপুৰ,২২জুলাইঃ “বিজেপি নেতৃত্বাধীন চৰকাৰে কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰৰ অংশ হিচাপেই ইডি নামৰ সংস্থাটোক ব্যৱহাৰ কৰিছে। বিজেপিয়ে কংগ্ৰেছকলৈ শংকিত হৈ থকাৰ বাবেই এইদৰে কংগ্ৰেছৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে।” তেজপুৰত আজি এই মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। উল্লেখযোগ্য যে,আজি মূল্য বৃদ্ধি ৰোধৰ দাবীত আৰু অনুসন্ধানকাৰী এজেঞ্চি ই ডি য়ে কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীক কৰা জেৰা ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি কংগ্ৰেছে তেজপুৰত ৰূপায়ণ কৰে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। আজি দিনৰ প্ৰায় ১১বজাত শোণিতপুৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু শোণিতপুৰ জিলা যুৱ কংগ্ৰেছ তথা শোণিতপুৰ জিলা এন এছ ইউ আই-ৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচীৰ আৰম্ভণিতে তেজপুৰৰ কংগ্ৰেছ কাৰ্যালয় চৌহদত অনুষ্ঠিত এক প্ৰতিবাদী সভাত বিৰোধী দলপতি দেবব্ৰত শইকীয়াই বিজেপিৰ শাসন কালত পূৰ্বৰ ৪৪৪ টকীয়া ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য এহেজাৰ টকা অতিক্ৰম কৰাৰ লগতে সকলো প্ৰকাৰৰ ইন্ধন তথা প্ৰতিবিধ সামগ্ৰীৰ আকাশ লংঘী মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণক কোঙা কৰা বুলি কয়। আনহাতে তেওঁ কেন্দ্ৰীয় চৰকাৰে আক্ৰোশমূলকভাৱে কংগ্ৰেছ সভানেত্ৰী ছোনীয়াৰ বিৰুদ্ধে ইডি-ক ব্যৱহাৰ কৰাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি নেচনেল হেৰল্ড গোচৰত ধনৰ লেনদেনৰ কোনো ঘটনা নঘটা সত্বেও কংগ্ৰেছ নেতৃগৰাকীক আক্ৰোশ মূলক ভাবে হাৰাশাস্তি কৰা বুলিও কয়। আনহাতে আজিৰ প্ৰতিবাদী কাৰ্যসূচীত অংশলৈ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে বিজেপিয়ে কৰ আৰু টোলগেটৰে ৰাইজৰ উশাহ ল’ব নোৱৰা ব্যৱস্থা কৰা বুলি মন্তব্য কৰে। তদুপৰি কংগ্ৰেছ নেতৃ ছোনীয়া গান্ধীয়ে দেশৰ বাবে কৰা ত্যাগ বিজেপিৰ কোনো নেতাই কৰিব পৰা নাই বুলি উল্লেখ কৰি হুছেইনে বিজেপিয়ে গণতন্ত্ৰক ধ্বংশ কৰা বুলি কয়। এই প্ৰতিবাদী সভাত কংগ্ৰেছৰ এগৰাকী ৰাষ্ট্ৰীয় নেতৃ চাদাফ জাফৰেও অংশ লৈ ছোনীয়া গান্ধীৰ সতে নৰেন্দ্ৰ মোদীৰ তুলনা নহয় বুলি উল্লেখ কৰি গান্ধীক সিংহৰ সতে তুলনা কৰে। শাহু, স্বামীৰ ৰক্তাক্ত মৃতদেহ দেখা এগৰাকী মহিলাই নিজ সন্তানকো দেশৰ বাবে উৎসৰ্গা কৰা সহজ নহয় বুলি মন্তব্য কৰি ছোনীয়া গান্ধীৰ ত্যাগ আৰু তেওঁৰ সতে দেশৰ নাৰীশক্তি থকা বুলি কয়। প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য্য, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা মুখপাত্ৰ ৰাণা গোস্বামী, মংলদৈৰ বিধায়ক বসন্ত দাস, নুৰুল হুদা, জাকিৰ হুছেইন শিকদাৰ, দ্বিজেন শৰ্মা, আৰ পি শৰ্মা, দাদুল বৰকাকতি প্ৰমুখ্যে কৰি কংগ্ৰেছৰ ৰাজ্যিক বিষয়ববীয়া আৰু জিলাৰ প্ৰতিনিধিসকলে ইয়াৰ পাছতে তেজপুৰৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা এক প্ৰতিবাদী সমদল কৰি আহি আদালত চাৰিআলিত উপস্থিত হোৱাৰ সময়তে ইয়াত মোতায়েন কৰা আৰক্ষীয়ে বাধা আৰোপ কৰে। আৰক্ষীৰ আবেষ্টনী ভাঙি উপায়ুক্ত কাৰ্যালয়লৈ যাবলৈ বিচৰা কংগ্ৰেছৰ প্ৰতিবাদ কাৰীসকলৰ সৈতে আৰক্ষীৰ তীব্ৰ হেঁচাথেলা লাগে এই সময়ত। আনকি ভূপেন বৰা, ৰকিবুল হুছেইন, অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, ৰাণা গোস্বামীয়ে আৰক্ষীৰ আবেষ্টনী বগাই অতিক্ৰম কৰিবলৈ বিছাৰে। বিজেপি লেই লেই চেই চেই, বিজেপি মুৰ্দাবাদ, আৰক্ষীৰ গুণ্ডাগিৰী নচলিব, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি ধ্বনিৰে কংগ্ৰেছ নেতা কৰ্মীসকলে পৰিস্থিতি উত্তাল কৰাৰ সময়তে আৰক্ষীৰে হোৱা তীব্ৰ হেঁচা থেলাত এজন আৰক্ষী কনিষ্টটবলে প্ৰতিবাদকাৰীক লক্ষ্য কৰি লাঠীচালনাও কৰে। এই ঘটনাত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি বৰা সামান্য আঘাতপ্ৰাপ্তও হয়। উল্লেখযোগ্য যে, কনিষ্টবলজনে হেঁচাথেলাত হাতত আঘাত পোৱাত আত্মৰক্ষাৰ বাবে এনেদৰে লাঠীচালনা কৰা বুলি মন্তব্য কৰে। এডাল বাঁহৰ লাঠীৰে আক্ৰমনাত্মক হৈ পৰা কনিষ্টবলজনৰ এনে কাৰ্যৰ পাছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই কয় যে, যিখন দেশত বিৰোধী দলৰ দলপতি আৰু বিধায়কে উপায়ুক্ত কাৰ্যলায়লৈ যোৱাৰ বাবে আৰক্ষীৰ অনুমতি ল’বলগীয়া হয় তথা আৰক্ষীয়ে তেওঁলোকক বাধা দিয়ে সেই ৰাজ্যত গণতন্ত্ৰ ক’ত আছে। নিবনুৱা সমস্যা, মূল্যবৃদ্ধি, বান খহনীয়া সমস্যাৰে ভাৰাক্ৰান্ত তথা আলফালৈ যুৱক-যুৱতীৰ গমনৰ সময়ত এনে বিজেপি দলৰ হৈ ব্যৱহাৰ নহ’বলৈ আৰক্ষী আৰু চৰকাৰী আমোলা বিষয়াসকলৰ প্ৰতি বৰাই আহ্বান জনাই। আনহাতে,বিজেপিৰ এই শাসন ব্যৱস্থাত অতিষ্ঠ হোৱা জনতাই এদিন বুকুত ধৰি এইসকলক শাসনৰ গাদীৰ পৰা নমাব বুলি উল্লেখ কৰে বৰাই। বৰাই লগতে লুই বাৰ্জাৰ, সাৰদাকে ধৰি বিভিন্ন কেলিংকাৰিৰ তদন্ত দাবী কৰে। উল্লেখযোগ্য যে,বিজেপি নেতৃত্বাধীন চৰকাৰে চিবিআই, ইডি ক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত ভাবে ব্যৱহাৰ কৰা বুলি কঠোৰ সমালোচনা কৰে কংগ্ৰেছ নেতৃত্বই। পাছত প্ৰতিবাদকাৰীসকলে শোণিতপুৰৰ উপায়ুক্তৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিলৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে।