তেজপুৰত কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰৰ ৰহস্যজনক সলিল সমাধি

0 16

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩০মে’ঃ তেজপুৰ বিশ্ববিদ্যালয় চৌহদত থকা কেন্দ্ৰীয় বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ নৰ্ছেন ব্ৰহ্মৰ আজি তেলেৰীয়া অঞ্চলৰ এটা পুখুৰীত পৰি প্ৰাণ হানি ঘটে৷ এই ঘটনাৰ পাছতে নিহত ছাত্ৰজনৰ পৰিয়ালে এয়া এক ষড়যন্ত্ৰ বুলি অভিযোগ কৰিছে৷ উল্লেখযোগ্য যে, কেন্দ্ৰীয় বিদ্যালয়খনৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ নৰ্ছনে আজি দুপৰীয়া আন পাঁচজন বন্ধুৰ স’তে নপামৰ পৰা প্ৰায় ১৪কিলোমিটাৰ দূৰত্বৰ তেলেৰীয়া অঞ্চললৈ আহে৷ প্ৰচণ্ড গৰমত যথেষ্ট গভীৰ ৰাজহুৱা পুখুৰীটোৰ পানীত জাপ দিয়ে বুলি প্ৰকাশ কৰি স্হানীয় একাংশ লোকে কয় যে,পুখুৰীটোত নৰ্ছন ডুব যোৱাত লগৰ সকলে চিঞৰ বাখৰ কৰে আৰু সেই চিঞৰ শুনি স্হানীয় একাংশ লোক ইয়াত উপস্থিত হয় যদিও নৰ্ছনক উদ্ধাৰ কৰিব পৰা নগ’ল৷ ইপিনে ঘটনাস্হলীত আৰক্ষী উপস্থিত হ’লেও ওৰাঙত চলি থকা উচ্ছেদ অভিযানৰ বাবে ঘটনাস্থলীত বহু পলমকৈ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ উদ্ধাৰকাৰী দল উপস্থিত হৈ ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰে৷ ইপিনে পুখুৰীত নৰ্ছন ডুব যোৱাৰ পাছতে চিঞৰ বাখৰ কৰা লগৰীয়া কেইজনে পলায়ন কৰা বুলিও অভিযোগ কৰিছে৷ ইপিনে ওদালগুৰি জিলাৰ পৰা আহি ঘটনাস্থলীত উপস্থিত হোৱা নৰ্ছনৰ মাতৃয়ে এই ঘটনা স্বাভাবিক নহয় বুলি অভিযোগ কৰে৷ সাঁতুৰিব নজনা নৰ্ছনে পুখুৰীটোত কিয় নামিব বুলি প্ৰশ্ন কৰি নৰ্ছনক নপামৰ পৰা ১৪কিলোমিটাৰ দূৰৰ পুখুৰীটোলৈ ষড়যন্ত্ৰ কৰি অনা হৈছিল বুলিও অভিযোগ কৰে আত্মীয়ই৷ নৰ্ছনে পুখুৰী বা পানীৰ পৰা সাঁতুৰিব নজনাৰ বাবেই আঁতৰি থাকে বুলি প্ৰকাশ কৰা আত্মীয়ই আৰু কয় যে, এনে অৱস্থাত নৰ্ছনে ইমান দূৰলৈ সাঁতুৰিবলৈ অহাৰ কথাই নাই বুলিও কয় আৰু এই ঘটনাৰ তদন্ত দাবী কৰাৰ লগতে ছাত্ৰজন পেয়িং গেষ্ট হিচাপে থকাৰ কথা প্ৰকাশ কৰি এই গৰাকীৰ বিৰুদ্ধেও দায়িত্বহীনতাৰ অভিযোগ উত্থাপন কৰে৷ নিহত ছাত্ৰজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে৷

মন্তব্য দিয়ক

Your email address will not be published.