তেজপুৰত গণিত শিক্ষায়তনৰ বিশেষ পদক্ষেপ
তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ত ‘গণিত প্ৰসাৰ অভিযান’ ৰ শুভাৰম্ভ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২১ অক্টোবৰঃ অসম গণিত শিক্ষায়তনৰ শোণিতপুৰ জিলা শাখাৰ সহযোগত অসম গণিত শিক্ষানুষ্ঠানে ‘গণিত প্ৰসাৰ অভিযান’ৰ কালি তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয় প্ৰাঙ্গনত শুভাৰম্ভ কৰে৷ বিদ্যালয়ৰ অধ্যক্ষা ভাৰতী দাসে ‘গণিত প্ৰসাৰ অভিযান’ উদ্বোধন কৰি এই কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকল গণিত বিষয়ৰ প্ৰতি বিশেষভাবে আকৰ্ষিত হ’ব বুলি কয়৷ গণিত শিক্ষায়তনৰ শোণিতপুৰ জিলা শাখাৰ সম্পাদিকা অনামিকা গগৈয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি কয় যে- ‘গণিত প্ৰসাৰ অভিযান’ এই বিদ্যালয়ত আৰম্ভ কৰি ক্ৰমান্বয়ে জিলাখনৰ প্ৰতিখন বিদ্যালয়লৈ গৈ ছাত্ৰ-ছাত্ৰীসকলক গণিত বিষয়ৰ বিভিন্ন দিশ বিশদভাৱে বুজাই গণিত বিষয়টো মনোগ্ৰাহী কৰিবৰ বাবে চেষ্টা চলোৱা হ’ব৷ গণিত শিক্ষায়তনৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি তথা দৰং মহাবিদ্যালয়ৰ গণিত বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডঃ ৰামচৰণ ডেকাই এই বিদ্যালয়ৰ নৱম-দশম শ্ৰেণীৰ ছাত্ৰীসকলক উদ্দেশী গণিত বিষয়ৰ উপযোগিতা সম্পৰ্কে বিশ্লেষণাত্মক ভাষণ দিয়াৰ লগতে ইয়াৰ জ্যামিতি বিষয়টো সহজতে কেনেদৰে আয়ত্ব কৰিব পাৰি সেই সম্পৰ্কে ব্যাখ্যা কৰে৷ ডঃ ডেকাই ত্ৰিভুজ, আয়তক্ষেত্ৰ, বৰ্গক্ষেত্ৰ আদিৰ বিষয়ে বিভিন্ন ক্ৰিয়াকলাপৰ জৰিয়তে ছাত্ৰীসকলৰ লগত মনোগ্ৰাহীকৈ আলোচনা আগবঢ়ায়। আনহাতে গণিত প্ৰসাৰ অভিযানৰ দ্বিতীয় দিনাৰ আজিৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক ডঃ ভীমপ্ৰসাদ শৰ্মাই গণিত বিষয়টো কেনেদৰে আমোদজনক কৰিব পাৰি সেই সম্পৰ্কে ব্যক্ত কৰে৷ ইয়াৰ পিছত ডঃ শৰ্মাই গণিতৰ অতি গুৰুত্বপূৰ্ণ গঃসাঃগুঃ আৰু লঃসাঃগুঃ কেনেদৰে নিৰ্ণয় কৰিব পাৰি সেয়া উদাহৰণসহ দেখুৱাই দিয়ে৷ গঃসাঃগুঃ আৰু ল:সাঃগু ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ সম্পৰ্কেও সুন্দৰভাৱে ব্যাখ্যা কৰে৷