শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ,১৪আগষ্টঃ তেজপুৰৰ চহৰৰ নিকটৱৰ্ত্তী তেজপুৰ বিশ্ববিদ্যালয়ৰ সমীপৰ পৰা আজি পুৱা এগৰাকী মহিলাৰ ডিঙিৰ চেইন কাঢ়ি বাইকলৈ পলায়ন কৰিছিল ।কিন্তূ এই বাৰ চোৰৰ দিন বেয়া আছিল।মহিলা গৰাকীয়ে হুৱাদুৱা লগোৱাত এখন গাড়ীৰে চোৰটোৰ বাইকৰ পিছে পিছে খেদি চোৰটোক তেজপুৰ বিশ্ববিদ্যালয়ৰ-পৰোৱা সংযোগী পথৰ সমীপৰ কলিমন্দিৰৰ ওচৰত ধৰিবলৈ সক্ষম হয় আৰু পাছত চোৰটোক তেজপুৰ সদৰ আৰক্ষীক গতাই দিয়ে।
ধৃত চোৰটোৰ ঘৰ পুনিয়নিৰ আব্দুৰ ৰহিম বুলি জানিব পৰা গৈছে।