শতাব্দ প্ৰতিনিধি তেজপুৰ,২৯ছেপ্তেম্বৰঃ হিন্দী প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে চি আৰ পি এফৰ ৩০ নং বেটেলিয়নৰ উদ্যোগত আয়োজন কৰা হয় হিন্দী পষেক কাৰ্যসূচীৰ। যোৱা ১৪ চেপ্তেম্বৰৰ পৰা ২৯ ছেপ্টেম্বৰলৈ তেজপুৰস্থিত চি আৰ পি এফ ৩০ নং বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় এই কাৰ্যসূচীৰ। অনুষ্ঠানৰ লগত সংগতি ৰাখি হিন্দী টাইপিং, নোটিং ড্ৰাফটিং প্ৰতিযোগিতাৰ লগতে হিন্দী কৰ্মশালাৰ আয়োজন কৰা হয়। আজিৰ অনুষ্ঠিত সামৰণি অনুষ্ঠানত অংশ লৈ বিভিন্ন প্ৰতিযোগিতাত স্থান লাভ কৰা প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰে কমাণ্ডেন্ট অৰুণ কুমাৰ মীনাই। তেওঁ ভাষণ প্ৰসংগত হিন্দী ভাষাৰ প্ৰচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ সংশ্লিষ্ট সকলোৰে প্ৰতি আহ্বান জনায়।