শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৩অক্টোবৰ: তেজপুৰ বিধানসভা সমষ্টিৰ ডেকাৰগাঁও পঞ্চায়তৰ অন্তৰ্গত হাড়ীগাঁৱত সমষ্টিত স্হানীয় বিধায়ক পৃথ্বীৰাজ ৰাভাই কালি জল জীৱন মিছনৰ এখন খোৱাপানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰে ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগ, তেজপুৰ এক নম্বৰ সংমণ্ডলৰ অধীনত নিৰ্মিত দুই নম্বৰ হাড়ীগাঁও খোৱাপানী যোগান আঁচনিখন উদ্বোধন কৰি বিধায়ক গৰাকীয়ে কয় যে,দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ এই জল জীৱন মিছনৰ সফল ৰূপায়ণে গ্ৰামাঞ্চলৰ জনস্বাস্থ্যৰ মানদণ্ডৰ উন্নতি ঘটাব ৷কিয়নো বিশুদ্ধ খোৱাপানীৰ সেৱনে হাড়ীগাঁওবাসীক পানীৰ পৰা হোৱা ৰোগৰ পৰা নিশ্চিতভাৱে নিৰাময় দিব আৰু জনসাধাৰণৰ স্বাস্থ্য আৰু আৰ্থিক দিশৰ উন্নতি হব৷ প্ৰায় এক কোটি ২২ লাখ ১৯ হেজাৰ ৯১৭ টকা ব্যয়সাপেক্ষে তেজপুৰ ১নম্বৰ সংমণ্ডলৰ অধীনত নিৰ্মিত দুই নম্বৰ হাড়ীগাঁও খোৱাপানী যোগান আঁচনিখনৰ উদ্বোধনী অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা মনোজ কুমাৰ দাস, সহকাৰী কাৰ্যবাহী অভিযন্তা বিপ্লৱ জ্যোতি দাস, ডেকাৰগাঁও গাওঁ পঞ্চায়তৰ সভাপতি, সচিব, পানী উপভোক্তা সমিতিৰ বিষয়-ববীয়াৰ লগতে কেবাগৰাকী স্থানীয় গণ্যমান্য ব্যক্তি আৰু ৰাইজ উপস্থিত থাকে৷ সম্প্ৰতি ২৫০টা পৰিয়াললৈ খোৱাপানীৰ যোগান ধৰা এই আঁচনিৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰসংগত কাৰ্যবাহী অভিযন্তা গৰাকীয়ে কয় যে বিশুদ্ধ খোৱাপানী যোগানৰ এই আঁচনিখনৰ উদ্বোধনে হাড়ীগাঁওবাসীৰ অতি প্ৰয়োজনীয় অভাৱ পূৰণ কৰিব ৷ এই আঁচনিখন গাওঁপঞ্চায়ত আৰু উপভোক্তা সমিতি তথা ৰাইজলৈ হস্তান্তৰ কৰা হয়৷ অনাগত দিনত আঁচনিখনৰ প্ৰতিপালন আৰু সঞ্চালন উপভোক্তা সমিতিয়ে ৰাইজৰ সহযোগত কৰিব লাগিব ৷ উল্লেখ্য যে, জনস্বাস্থ্য কাৰিকৰী বিভাগ, তেজপুৰৰ এক নম্বৰ সংমণ্ডলৰ অধীনত বৰ্তমানলৈকে জল জীৱন মিছনৰ প্ৰায় ২৫০ ৰো অধিক নতুন খোৱাপানী যোগান আঁচনিৰ নিৰ্মাণৰ কাম চলি আছে ৷ ইয়াৰ ভিতৰত ১৩খন আঁচনিৰ নিৰ্মাণৰ কাম প্ৰায় শেষ হৈছে আৰু এমাহৰ ভিতৰত প্ৰায় ২০ খন আঁচনিৰ কাম শেষ হব বুলি জানিব পৰা গৈছে ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জিলা সমন্বয়ক মানস ভূঞাই আঁতধৰা অনুষ্ঠানটোত দুই নম্বৰ হাড়ীগাঁও খোৱাপানী যোগান আঁচনিখন ৰাইজৰ উপস্থিতিত গাওঁ পঞ্চায়ত আৰু উপভোক্তা সমিতিলৈ বিধিমৰ্মে হস্তান্তৰকৰণ কৰা হয়