শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২২ছেপ্টেম্বৰঃ শোণিতপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অন্তৰ্ভুক্ত মাজগাঁও জ্যেষ্ঠ নাগৰিক মঞ্চৰ দশম বাৰ্ষিক অধিবেশনখন আজি সুকলমে অনুষ্ঠিত হয়। পুৱা আঠ বজাত পৰিবেশ নিকাকৰণ আৰু গছপুলি ৰোপণৰে আৰম্ভ কৰি ন বজাত পতাকা উত্তোলন কৰে ভাৰপ্ৰাপ্ত সভাপতি ইন্দ্ৰেশ্বৰ শইকীয়াই। শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে যতিন কোছে। ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত সভাপতিত্ব কৰে ইন্দ্ৰেশ্বৰ শইকীয়াই। সম্পাদকীয় পাঠ কৰে দেৱ দাসে। বছৰটোত খালী হোৱা দুজন কাৰ্য্যকৰী সদস্যৰ বাচনিৰ পিছত ষাঠি উৰ্দ্ধৰ লোক সকলৰ বাবে বন্ধ হৈ থকা ৰেল যাত্ৰাৰ ভাৰা ৰেহাই পুণৰ বাহাল কৰা, বৃদ্ধ পেঞ্চন দুহেজাৰ টকালৈ বৃদ্ধি কৰা, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত জেৰিয়াট্ৰিক কেন্দ্ৰ স্থাপন কৰা আদি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ১১ বজাত অনুষ্ঠিত হোৱা মূল অধিবেশনত উপস্থিত হৈ কেন্দ্ৰীয় উপ-সভাপতি থানোৰাম শৰ্মাই উল্লেখ কৰে যে তেজপুৰৰ নলিনী বৰুৱা, বিশ্বনাথৰ জীতেন ভাগৱতী গুৱাহাটীৰ ধীৰেন্দ্ৰনাথ নাথ চক্ৰৱৰ্তী অসমৰ স্বাস্থ্য বান জ্যেষ্ঠ নাগৰিক। সভাত কেন্দ্ৰীয় বিত্ত সম্পাদক ভূপেন দাস,প্ৰদীপ সন্দিকৈ,কমল ভূঞা, দেৱদাস আৰু কেশৰাম নামেও বক্তব্য দিয়ে।