তেজপুৰত জ্যেষ্ঠ ভ্ৰাতৃয়ে গুলীয়াই হত্যা কৰিলে কনিষ্ঠ ভ্ৰাতৃক

তেজপুৰত জ্যেষ্ঠ ভ্ৰাতৃয়ে গুলীয়াই হত্যা কৰিলে কনিষ্ঠ ভ্ৰাতৃক

0 24

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৮ মাৰ্চ : হোলীৰ আনন্দ উল্লাহৰ দিনটোতে তেজপুৰ চহৰৰ গাৰোৱান পট্টিত আজি বিয়লি সংঘটিত হয় এক হত্যাকাণ্ড৷ নিজ ভাতৃক জ্যেষ্ঠ ভাতৃয়ে গুলীয়াই হত্যা কৰা এই নৃশংস ঘটনাই সমগ্ৰ তেজপুৰ চহৰতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উল্লেখযোগ্য যে, আজি বিয়লি প্ৰায় চাৰি বজাত নিজ গৃহৰ সন্মুখতে জ্যেষ্ঠ ভাতৃ অচিন্ত্য দাসে(৫২) নিজৰ ব্যক্তিগত অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰৰে কনিষ্ঠ ভাতৃ বিষ্ণু দাস(৪২)ক ঘৰৰ সন্মুখতে গুলীয়াই হত্যা কৰে।ঘটনা সন্দৰ্ভত তেজপুৰ সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মিন্টু বড়োৱে প্ৰকাশ কৰে যে, বিষ্ণু দাসে বিয়লি কোনো ঠাইৰ পৰা নিজৰ স্কুটিৰে আহি গাৰোৱানপট্টীৰ নিজা ঘৰত প্ৰৱেশ কৰাৰ সময়তে জ্যেষ্ঠ ভাতৃ অচিন্ত্যই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে।এই ঘটনাৰ পাছতে তাৎক্ষণিক ভাবে গুলীবিদ্ধ বিষ্ণুক তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও ইতিমধ্যে তেওঁৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে।ঘৰুৱা মনোমালিন্যৰ ফলতেই এই হত্যাকাণ্ডটো সংঘটিত হোৱা বুলি প্ৰাথমিক অৱস্থাত ধাৰণা কৰিছে আৰক্ষীয়ে৷ উল্লেখযোগ্য যে,নিহত বিষ্ণুৱে এটা ব্যক্তিগত কোম্পানীৰ গুৱাহাটীৰ কাৰ্যালয়ত কৰ্মৰত আছিল আৰু হোলী উপলক্ষে ঘৰলৈ আহিছিল । আনহাতে অচিন্ত্যই তেজপুৰতে ব্যৱসায় কৰিছিল৷ আৰক্ষীয়ে ইতিমধ্যে অচিন্ত্য দাসক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ ব্যক্তিগত ৰিভলভাৰটো জব্দ কৰে। এই ঘটনাৰ পাছতে গাৰোৱানপট্টীত নিৰাপত্তাৰক্ষী মোটায়েন কৰা হয় আৰু অঞ্চলটোত গোটখোৱা বহু সংখ্যক লোককো আঁতৰাই পঠোৱা হয়৷

মন্তব্য দিয়ক

Your email address will not be published.