শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬ফেব্ৰুৱাৰীঃ শোণিতপুৰ জিলা টিউটৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু জিলা প্ৰদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক শিক্ষয়িত্ৰী সকলে আজি তেজপুৰত দুঘণ্টা অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।উল্লেখযোগ্য যে,সদৌ অসম প্রাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্রাথমিক শিক্ষক (টিউটৰ) সংস্থাৰ আহ্বানত আৰু শোণিতপুৰ জিলা প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক (টিউটৰ) সংস্থাৰ উদ্যোগত আজি দিনৰ ১১ বজাৰ পৰা দুপৰীয়া এক বজালৈ শোণিতপুৰ জিলা প্রাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধর্মঘট কাৰ্যসূচী পালন কৰে৷এই সকল টিউটৰে পাছত সম কৰ্মৰ সম মঞ্জুৰী সম মৰ্যাদা প্ৰদান, সকলো শিশু ৰ প্ৰতি সম দৃষ্টিৰে সকলো ছাত্ৰ-ছাত্ৰীক সমানে সুবিধা প্ৰদান কৰা,বঞ্চিত শিক্ষক কৰ্মচাৰীক প্ৰাদেশিকীকৃত কৰণ কৰা, ২০২১ৰ পাঁচ ফ্ৰেব্ৰুৱাৰীৰ ঘোষণা মতে সকলোকে গ্ৰেচুইটিৰ ব্যৱস্থা কৰি বিত্তীয় সকাহ প্ৰদান কৰা, সকলো আগ্ৰহী শিক্ষকক বৃত্তিমূলক প্ৰশিক্ষণৰ বাবে সুবিধা প্ৰদান কৰাৰ দাবীৰে জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে৷