তেজপুৰত ড্ৰাগছ ব্যৱসায়ী কৰায়ত্ত

0 10
শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৪জুনঃ তেজপুৰৰ মহাভৈৰৱ আৰক্ষীয়ে চলোৱা এক অভিযানত আজি তেজপুৰৰ দুই নম্বৰ দোলাবাৰীৰ পৰা চফিকুল ইছলাম নামৰ এজন লোকক ড্ৰাগছ সহ কৰায়ত্ত কৰে। উল্লেখযোগ্য যে বেপাৰীয়ে নিজৰ ঘৰৰ পৰা বহুদিন ধৰি ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল। এই বিষয়ে  সম্ভেদ লাভ কৰি মহাভৈৰৱ আৰক্ষীয়ে আজি অভিযান চলাই চফিকুলৰ ঘৰৰ পাকঘৰৰ পৰা ১০টা ড্ৰাগছ ভৰ্তি প্লাষ্টিক কণ্টেইনাৰ উদ্ধাৰ কৰাৰ লগতে ছফিকুলক আটক কৰিবলৈ সক্ষম হয়।উল্লেখযোগ্য যে,শোণিতপুৰত এনে দৰে বহু সংখ্যক ড্ৰাগছ ব্যৱসায়ী তথা সৰবৰাহকাৰীক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হ’লেও ইয়াৰ মূল উৎস উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰু সৰবৰাহকাৰীয়ে সহজে জামিন লাভো কৰি আহিছে।
মন্তব্য দিয়ক

Your email address will not be published.