তেজপুৰত ড্ৰাগছ সহ যুৱক আটক

0 26
শতাব্দ প্ৰতিনিধি তেজপুৰ,২৯ এপ্ৰিলঃ তেজপুৰৰ বৰঘাট আৰক্ষী চকী অন্তৰ্গত যোৰগড়ত আজি স্থানীয় আৰক্ষীয়ে চলোৱা এক অভিযানত আমিনুল হক(২৫)নামৰ এজন যুৱকক ড্ৰাগছ সহ কৰায়ত্ত কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,অঞ্চলটোত নুৰ ইছলামৰ পুত্ৰ আমিনুলে ড্ৰাগছ বিক্ৰী কৰি থকাৰ খবৰ লাভ কৰাৰ পাছতে বৰঘাট আৰক্ষীয়ে ৰাইজৰ সহায়ত আমিনুলক কৰায়ত্ত কৰে। আমিনুলৰ পৰা আৰক্ষীয়ে ১২টা সন্দেহজনক হেৰ’ইন ভৰ্ত্তি প্লাষ্টিকৰ টেমাও জব্দ কৰে। প্ৰায় ১০গ্ৰাম ওজনৰ এই হেৰ’ইনৰ লগতে এই বৰবিহৰ বেহাত আন কোন লোক জড়িত আছে সেই বিষয়ে আৰক্ষীৰ অনুসন্ধান তথা সোধপোছ অব্যাহত আছে।
মন্তব্য দিয়ক

Your email address will not be published.