তেজপুৰত ড° হীৰেন গোহাঁই ৰচনাৱলী তৃতীয় খণ্ড উন্মোচন

0 178

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৭ ডিচেম্বৰঃ প্ৰজ্ঞাৰ সাধক ড° হীৰেন গোহাঁইৰ জীৱনজোৰা সাধনাৰ ফচল হীৰেন গোহাঁই ৰচনাৱলীৰ তৃতীয়খণ্ড ৰচনাৱলী কালি তেজপুৰ সাহিত্য সভা ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ সভাত উন্মোচন কৰা হয়। প্ৰকাশন গোষ্ঠী ‘কথা’ৰ উদ্যোগত প্ৰকাশিত এই ৰচনাৱলী উন্মোচনী সভাৰ আঁত ধৰি ‘কথা’ তেজপুৰ কেম্পাচৰ হৈ কবি,লেখক মহেন্দ্ৰ কুমাৰ নাথে সমাজ-সাহিত্য সমালোচনাৰ যুগ-পথিকৃৎ হীৰেন গোহাঁইৰ সৃষ্টিৰাজিৰ স্মাৰকস্বৰূপ ৰচনাৱলীৰ এই খণ্ডটোৰ লগতে অন্যান্য খণ্ডসমূহো অসমৰ জাতীয় জীৱনৰ সম্পদ, জীৱন-চৰ্চাৰ অন্যতম উপজীৱ্য বুলি উল্লেখ কৰি তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ পূৰ্ণেশ্বৰ নাথ আৰু ড° ভুবনেশ্বৰ চহৰীয়াক ৰচনাৱলীৰ খণ্ডটো উন্মোচনৰ বাবে আহ্বান জনায়। উন্মোচনী বক্তব্যত পুৰ্ণেশ্বৰ নাথে গোহাঁইৰ সৈতে তেওঁৰ ব্যক্তিগত সম্পৰ্কৰ কথা স্মৰণ কৰি প্ৰবল বিৰুদ্ধ ধুমুহাৰ মাজত ব্ৰজৰ দৰে থাকি স্হিতপ্ৰজ্ঞতাৰে অসমীয়া সমাজক দিগদৰ্শন কৰি অহা ড°হীৰেন গোহাঁইৰ অন্তৰ্দৃষ্টি সম্পন্ন দুৰ্মূল্য ৰচনাৰাজিয়ে যুগ যুগ ধৰি আমাক সঠিক পথৰ সন্ধান দিব বুলি মন্তব্য কৰে। সংকট কালত অসমীয়া জাতিয়ে হীৰেন গোহাঁইৰ প্ৰজ্ঞা বৃক্ষৰ ছাঁত আশ্ৰয় লৈ আহিছে বুলি কোৱাৰ লগতে হীৰেন গোঁহাইৰ পিছত কোন বুলি তেওঁ এক তাৎপৰ্যপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা কৰে। আন এগৰাকী উন্মোচক ড° ভূবনেশ্বৰ চহৰীয়াই হীৰেন গোহাঁইৰ ৰচনা সমগ্ৰ অসমীয়া সাহিত্যৰ সম্পদ বুলি উল্লেখ কৰি কথা প্ৰকাশনে কৃচ্ছ সাধনাৰে প্ৰকাশ কৰি উলিওৱা এই সম্পদৰাজি অসমীয়া জাতিলৈ মহামূল্যবান অবদান বুলি কয়। অসমৰ বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিয়ে ‘হীৰেন গোহাঁই এক ৰূপালী আলোকৰ ৰেখাৰ নাম যাৰ আলোকেৰে দীপ্তিমন্ত আমিবোৰ’ বুলি মন্তব্য কৰে। প্ৰবীণ সাংবাদিক অঞ্জন গোস্বামীয়ে বৰ্তমানৰ নৈৰাজ্য মাজত আশাৰ প্ৰদীপ হীৰেন গোহাঁইৰ ৰচনাৰাজিৰ অৱগাহনৰ যোগেদি উত্তৰ প্ৰজন্মৰ মাজত প্ৰজ্ঞাৰ সাধকৰ জন্ম হ’ব পাৰে বুলি মন্তব্য কৰাৰ লগতে তেজপুৰৰ পৰা প্ৰকাশিত অধুনালুপ্ত ‘অগ্নিগড়’ কাকতৰ সৈতে ড° গোহাঁই সম্পৰ্কৰ কথাও স্মৰণ কৰে। সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি সাংবাদিক পঙ্কজ কুমাৰ নাথে ড° গোহাঁইক তেওঁৰ সাংবাদিক জীৱনৰ পথিকৃৎ বুলি উল্লেখ কৰে। তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জ্যোতিকমল হাজৰিকাই নিজা বক্তব্যত ড° গোহাঁইক অসমীয়া জাতিৰ পৰ্বতৰ শিলনিৰ ফাঁকত থকা এক শাল গছ বুলি মন্তব্য কৰে। দৰং মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক তথা লেখক ড° কংকন ডেকাই হীৰেন গোহাঁইৰ দৰে আলোকময়ী সত্তাক বৰ্তমান সমাজে আবিস্কাৰ কৰি ল’ব নোৱাৰাটো স্বাভাবিক মনস্তাত্বিক অবস্হা বুলি কৈ সংকট কালত সঠিক পথ দেখুৱাই অহা বুদ্ধিজীৱীসকলক কালে সদায়ে আবিস্কাৰ কৰি লয় বুলি মন্তব্য কৰে। বিশিষ্ট কবি দিলীপ ফুকনেও হীৰেন গোহাঁইৰ প্ৰজ্ঞাৰ পোহৰে অসমীয়া জাতি সত্তাক পোহৰাই ৰাখিছে বুলি মন্তব্য কৰে। লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শুকদেৱ অধিকাৰীয়ে হীৰেন গোহাঁইৰ সমালোচনা সাহিত্য সম্পৰ্কত আলোকপাত কৰি তেখেতৰ সৃষ্টিয়ে নতুন পথৰ সন্ধান দিয়ে বুলি মন্তব্য কৰে। গল্পকাৰ কুমুদ শইকীয়াই হীৰেন গোহাঁইৰ গদ্য আমাৰ বাবে এক বিস্ময় বুলি কোৱাৰ লগতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক তথা লেখক পল্লব ভট্টাচাৰ্য্যই সাৰ্বভৌম জ্ঞান সাধনাৰ পথত হীৰেন গোহাঁয়ে সৃষ্টি কৰা তথা প্ৰতিষ্ঠা কৰা সুকীয়া চিন্তাৰ ধাৰা নৱপ্ৰজন্মৰ বাবে সম্পদ বুলি মন্তব্য কৰে। উন্মোচনী সভাখনত শিল্পী মৃগেন কলিতা, বীৰেণ নাথ, খনীন দাস , আদিত্য অংকুৰ নাথ আদিয়েও তেওঁলোকৰ অনুভৱ সদৰি কৰে। বিশিষ্ট সাহিত্যক ড° ভূপেন শইকীয়াই তেওঁৰ কৃতজ্ঞতা সূচক মন্তব্যত প্ৰজ্ঞাৰ সাধনাৰ বাটেৰে আগুৱাবলৈ হ’লে ড° হীৰেন গোহাঁয়ে মুকলি কৰা চিন্তাৰ দুৱাৰৰ বাটেৰেই আমি বাট বুলিব লাগিব বুলি মন্তব্য কৰে। অনুষ্টুপীয়াকৈ অথচ গাম্ভীৰ্যপূৰ্ণভাবে অনুষ্ঠিত এই উন্মোচনী অনুষ্ঠানত উপস্হিত প্ৰতিগৰাকী অনুৰাগীয়ে নিজৰ বক্তব্য প্ৰদানৰ জৰিয়তে পৰস্পৰৰ সৈতে ভাব বিনিময় কৰি এক বৌদ্ধিক চৰ্চাৰে সভাখন জীপাল কৰি তোলে।

মন্তব্য দিয়ক

Your email address will not be published.