তেজপুৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ইলোৰা বিজ্ঞান মঞ্চৰ চতুৰ্থ দ্বি বাৰ্ষিক ৰাজ্যিক অধিৱেশনৰ শুভাৰম্ভ

0 27
 শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৭ এপ্ৰিলঃ উঠি অহা প্ৰজন্মক বিজ্ঞান মনস্ক তথা বৈজ্ঞানিক দৃষ্টিভঙ্গী সম্পন্ন কৰি গঢ়ি তোলাৰ লগতে সমাজৰ পৰা অন্ধবিশ্বাস – কুসংস্কাৰ দূৰীকৰণ আৰু তাৰ পৰিৱৰ্তে বৈজ্ঞানিক মানসিকতাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰাৰ লক্ষ্যৰে ২০০৪ চনতে গঢ়ি উঠা ইলোৰা বিজ্ঞান মঞ্চৰ চতুৰ্থ দ্বি বাৰ্ষিক ৰাজ্যিক অধিৱেশন আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তেজপুৰৰ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হৈছে। এই তিনিদিনীয়া কাৰ্যসূচীৰ আজিৰ প্ৰথম কাৰ্যসূচী গ্ৰন্থ মেলা আৰু প্ৰদৰ্শনীৰ দ্বাৰ আনুষ্ঠানিক ভাৱে  ফিটা কাটি শুভাৰম্ভ কৰে দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আনন্দ বৰুৱাই। ইলোৰা বিজ্ঞান মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়া আৰু তেজপুৰ শাখাৰ বিষয়ববীয়াৰ উপস্থিতিত প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা উদ্বোধন কৰি বিশিষ্ট শিক্ষাবিদ আনন্দ বৰুৱাই গ্ৰন্থ অধ্যয়ণৰ প্ৰয়োজনীয়তাৰ বিভিন্ন দিশ আলোকপাত কৰি গ্ৰন্থই এন্ধাৰ হৈ থকা একোটা ঘৰ পোহৰাই তোলে বুলি  মন্তব্য কৰি কিতাপ পঢ়াৰ অভ্যাস এৰি পেলোৱাৰ উপক্ৰম হোৱা উঠি অহা প্ৰজন্মক কি কৌশলেৰে, কেনেকৈ গ্ৰন্থ অধ্যয়ণৰ প্ৰতি হাবিয়াস গঢ়ি তুলিব পাৰি তাৰ বাবে অভিভাৱক সকলক মনোনিবেশ কৰিবলৈ আহ্বান জনায়। আনহাতে বিজ্ঞানৰ বিভিন্ন দিশৰ প্ৰদৰ্শনীৰ সন্দৰ্ভত এসময়ৰ দৰংমহাবিদ্যালয়ৰ বিজ্ঞানৰ অধ্যাপক গৰাকীয়ে সঠিক প্ৰদৰ্শনৰ জৰিয়তে সুক্ষ্ম দিশ সমূহ সহজেই অনুধাৱন কৰিব পৰা যায় বুলি কয়। উদ্বোধনী ভাষণৰ পিছতেই উদ্বোধক সমন্বিতে বিশিষ্ট ব্যক্তি সকলে  প্ৰদৰ্শনী আৰু গ্ৰন্থ বিপনী পৰ্যবেক্ষণ কৰাৰ পিছত বিদ্যালয়খনৰ মূল প্ৰেক্ষাগৃহৰ স্বপ্নদ্ৰষ্টা জিতেন চুণ্ডি সোঁৱৰণী মঞ্চত অনুষ্ঠিত হয় সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটীৰ দ্বাৰা পৰিচালিত ৰক্তদান, অংগদান আৰু দেহদান সম্পৰ্কীয় অতি গুৰুত্বপূৰ্ণ এক বিশেষ অনুষ্ঠানৰ। ইলোৰা বিজ্ঞান মঞ্চৰ তেজপুৰ শাখাৰ সহযোগত আৰু তেজপুৰীয়া ৰাইজৰ আতিথ্যত অনুষ্ঠিত এই ৰাজ্যিক সন্মিলনৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ কাৰ্যসূচী “ৰক্তদান, অংগদান আৰু দেহদান সম্পৰ্কীয় সৰ্ব ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটীৰ দ্বাৰা পৰিচালিত অনুষ্ঠানত চিকিৎসা প্ৰতিষ্ঠানখনৰ এনাটমী বিভাগৰ মূৰব্বী অধ্যাপক ডা০ ৰুণমণি ডেকা, সহযোগী অধ্যাপক ডাঃ বিনয় জী, ট্ৰেন্সফিউশ্যন মেডিচিন বিভাগৰ সহযোগী অধ্যাপক ডাঃ প্ৰিয়ংকা গগৈ, এনাটমী বিভাগৰ সহকাৰী অধ্যাপক ডাঃ অমৰজিৎ কৌৰ আৰু এনাটমী বিভাগৰে সহকাৰী অধ্যাপক ডাঃ ৰাজু বকাৰে ভাষণ প্ৰদান কৰে। পাঁচগৰাকীকৈ আলোচকে কেনেকৈ, কিমান বয়সৰ লোকে, কি পদ্ধতিৰে, কেতিয়া, কি পৰিৱেশত নিজৰ ৰক্তদান কৰিব পাৰি বা দেহদান আৰু অংগদান কৰিব পাৰি তাৰ নিৰ্মোহ বিশ্লেষণ দাঙি ধৰি উপস্থিত বিভিন্ন শিক্ষাৰ্থী আৰু বিশিষ্ট ব্যক্তি সকলক উপকৃত কৰি তোলে। আনহাতে ইয়াৰ পিছতেই আজি প্ৰথম দিনটোতে অতি আশাব্যঞ্জক ভাৱে বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰায় দুই শতাধিক শিক্ষাৰ্থীৰ উপস্থিতিত “ছাত্ৰ – ছাত্ৰী সকলৰ বাবে বিশেষ অনুষ্ঠান” সম্পন্ন হয়। তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক ডঃ ভীম প্ৰসাদ শৰ্মাই আঁত ধৰা আৰু ইলোৰা বিজ্ঞান মঞ্চৰ ৰাজ্যিক সমিতিৰ সভাপতি ড০ চন্দ্র মোহন শৰ্মা, কাৰ্যকৰী সভাপতি ডা০ জয়দেৱ শৰ্মা আৰু সাধাৰণ সম্পাদক কমলেশ গুপ্তৰ লগতে বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত শিক্ষাৰ্থী সকলৰ সন্মুখত প্ৰথমেই “জনপ্ৰিয় বিজ্ঞান বিষয়ক বক্তৃতা” প্ৰদান কৰে ৰাজ্যখনৰ বিশিষ্ট বিজ্ঞান লেখক, শিক্ষাবিদ, গৱেষক ক্ষীৰধৰ বৰুৱাই। বৰুৱাই বিজ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কেতবোৰ বিষয়ৰ ওপৰত শিক্ষাৰ্থী সকলে সহজে বোধগম্য হ’ব পৰাকৈ দাঙি ধৰা বক্তৃতাই ছাত্ৰ – ছাত্ৰী সকলক আপ্লুত কৰি তোলে। ইয়াৰ পিছতেই সম্পন্ন হয় অতি আকৰ্ষণীয় অনুষ্ঠান “যাদুৰ আঁৰৰ বিজ্ঞান” শীৰ্ষক কাৰ্যসূচী ।আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষা কেন্দ্ৰৰ সম্পাদক তথা এগৰাকী নিষ্ঠাবান বিজ্ঞান শিক্ষক ৰিপুঞ্জয় বৰদলৈয়ে সমল ব্যক্তি ৰূপে অংশ গ্ৰহণ কৰি এই অনুষ্ঠানত ব্যৱহাৰিক দিশৰ প্ৰয়োগেৰে যাদু সম্বলিত বিজ্ঞানক অতি কৌশলপূৰ্ণ ভাৱে শিক্ষাৰ্থী সকলৰ সন্মুখত উপস্থাপন কৰি শিক্ষাৰ্থী সকলক অনুসন্ধিৎসু কৰি তোলা পৰিলক্ষিত হয়। আনহাতে ছাত্ৰ – ছাত্ৰীৰ এই বিশেষ অনুষ্ঠানতে ডি এছ আৰ এলৰ মিছন ডাইৰেক্টৰ তথা মুখ্য কাৰ্যবাহী বিষয়া অৰ্ণৱ কুমাৰ বৰ্মণে বৰ্তমান সময়ত বহুল চৰ্চিত “ৰব’টিক বিজ্ঞান” শীৰ্ষক বিষয়ৰ ওপৰত আলোকপাত কৰি শিক্ষাৰ্থী সকলক উদ্বুদ্ধ কৰি তোলে। আনহাতে আজিৰ দিনটোৰ বিয়লিৰ ভাগত “কৃষি বিশেষজ্ঞৰ সৈতে কৃষকৰ মত – বিনিময়” শীৰ্ষক কাৰ্যসূচী পৰিচালনা কৰে অসম চৰকাৰৰ কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ড০ মৃণাল বৰ্মণে। সেইদৰে মহিলা সকলৰ সৈতে খাদ্য দ্ৰৱ্যৰ পুষ্টি – গুণ আৰু বিজ্ঞানসন্মত ব্যৱস্থা সম্পৰ্কীয় “ৰান্ধনিশালত বিজ্ঞান” শীৰ্ষক আলোচনাত সমল ব্যক্তি ৰূপে অংশ গ্ৰহণ কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ এম বি বি টি বিভাগৰ জ্যেষ্ঠ কাৰিকৰী বিষয়া কল্যাণ হাজৰিকা আৰু ৰূপা জুলি চাহবাগিছাৰ জ্যেষ্ঠ চিকিৎসা বিষয়া ডা০ ৰাজেন ৰয়ে খাদ্য সামগ্ৰীৰ বিভিন্ন গুণাগুণ, পুষ্টিকৰ খাদ্যৰ উপকাৰিতা আদিৰ ওপৰত বিজ্ঞানসন্মত ভাৱে আলোকপাত কৰাৰ পিছত সন্ধিয়া “আকাশ চাওঁ আহক” শীৰ্ষক শিক্ষাৰ্থীৰ বাবে জ্যোতিৰ্বিজ্ঞান সম্পৰ্কীয় বিশেষ অনুষ্ঠানৰে সামৰণি পৰে।
মন্তব্য দিয়ক

Your email address will not be published.