তেজপুৰত দিব্যাংগ হিতাধিকাৰীক সামগ্ৰী বিতৰণ

0 12
শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,২০জুনঃ দেশৰ কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সাৱলীকৰণ বিভাগৰ এ ডি আই পি আচঁনিৰ অধীনত শোণিতপুৰ জিলা প্ৰশাসনে অলিমক’ৰ সহযোগত আজি তেজপুৰ স্থিত কলাগুৰু সংগীত মহাবিদ্যালয় প্ৰাঙ্গনত “সামাজিক অধিকাৰ শিব‍িৰ” অনুষ্ঠিত কৰে। এই শিব‍িৰত শোণিতপুৰৰ ১৮০৮ জন দিব্যাংগ লোকৰ সহায়ৰ বাবে সা-সামগ্ৰী বিতৰণৰ শুভাৰম্ভ কৰা হয়। ৰাজ্য চৰকাৰৰ নগৰ উন্নয়ন গৃহ পৰিক্ৰমা আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংঘালৰ সভাপতিত্বত অনুষ্ঠিত আৰু শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই আদৰণি ভাষণ দিয়া উক্ত  শিব‍িৰত তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, তেজপুৰ বিধান সভা সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভা ,শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী ডলী চুৰীন আৰু শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব চিন্ময় বৰুৱা প্ৰমুখ্যে বিশিষ্ট লোকসকলে অংশ গ্ৰহণ কৰে। শিৱিৰত শোণিতপুৰ জিলাৰ গাভৰু আৰু তেজপুৰ নগৰ সংহত শিশু বিকাশ প্ৰকল্পৰ ২৫গৰাকীকৈ দিব্যাংগ হিতাধিকাৰীৰ মাজত সামগ্ৰী বিতৰণ কৰা হয়।
মন্তব্য দিয়ক

Your email address will not be published.