তেজপুৰত পুখুৰী খান্দোতে ওলাল কাঁহৰ সামগ্ৰী

0 0
শতাব্দ প্ৰতিনিধি‍, তেজপুৰ,৬ মেঃ তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰীৰ ডেকা চুবুৰীত আজি এটা পুখুৰী খান্দি থকা অৱস্থাত কিছুসংখ্যক কাঁহৰ সামগ্ৰী উদ্ধাৰহোৱাকলৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে৷উল্লেখযোগ্য যে,অঞ্চলটোৰ প্ৰয়াত দিংৰা বাঘোৱাৰৰ পুত্ৰ গণ্ডাল বাঘোৱাৰে তেওঁলোকৰ ম্যাদী ভূমিত এটা পুখুৰী খননৰ পৰিকল্পনা কৰে আৰু সেই মতে যোৱা তিনিদিন ধৰি পুখুৰীটো খননৰ কাম আৰম্ভ কৰে৷আজি দুপৰীয়া  খনন চলোৱাৰ সময়তে মাটিৰ প্ৰায় চাৰিফুট তলত কাঁহৰ ঠালি চাৰিখন,হাতী খজীয়াদুটা বাতি, খাৰু, ঘটিকে ধৰি বিভিন্ন সামগ্ৰী ওলোৱাত স্হানীয় লোকসকল স্তম্ভিত হৈ পৰে৷উল্লেখযোগ্য যে,এই সামগ্ৰীসমূহ কেতিয়াৰ সেয়া কোনেও নজনাৰ লগতে এনেদৰে কি পৰিস্থিতিত পুতগৈ আছিল সেইলৈয়ো কৌতুহলৰ সৃষ্টি হৈছে৷সম্প্ৰতি এই সামগ্ৰীসমূহ সেই স্হানতে মজুত কৰি ৰাখিছে ৰাইজে৷উদ্ধাৰ হোৱা কাঁহি,বাতি সমুহ কেতিয়াৰ সেই সম্পৰ্কত এক তদন্তৰো আহবান জনাইছে একাংশ স্হানীয়  ৰাইজে।
মন্তব্য দিয়ক

Your email address will not be published.