তেজপুৰত প্ৰথমবাৰৰ বাবে “আঁত ধৰা (এংকৰিং)” কৰ্মশালাৰ শুভাৰম্ভ
হেমন্ত কুমাৰ বৰুৱা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৫ জুলাইঃ তেজপুৰৰ লগতে জিলাখনৰ আৰু ৰাজ্যখনৰ বহু গুৰুত্বপূৰ্ণ সভা – সমিতি, বিভিন্ন শৈক্ষিক-বৌদ্ধিক আৰু বিদ্যায়তনিক তথা সাংস্কৃতিক অনুষ্ঠান, বক্তৃতানুষ্ঠান, বক্তৃতা প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতাৰ উপৰি কুইজ প্ৰতিযোগিতা দক্ষতাৰে পৰিচালনা কৰা তেজপুৰৰ বহুমুখী প্ৰতিভাধৰ, অধ্যাপক হেমন্ত কুমাৰ বৰুৱা স্মৃতি ৰক্ষা সমিতিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ কাৰ্যসূচী “আঁত ধৰা (এংকৰিং) কৰ্মশালা” আজি শুভাৰম্ভ হয় তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত।হেমন্ত কুমাৰ বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে আজিৰ পৰা ৯ দিনীয়াকৈ অনুষ্ঠিত হ’ব লগা কৰ্মশালাৰ আৰম্ভণিৰ অনুষ্ঠান শুভাৰম্ভ কৰে” হেমন্ত কুমাৰ বৰুৱা স্মৃতি ৰক্ষা সমিতি” ৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰাই। হেমন্ত কুমাৰ বৰুৱাৰ সহধৰ্মিনী হিমাদ্ৰী বৰুৱা, কৰ্মশালাৰ উদ্বোধক, তেজপুৰ সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়া, স্মৃতি ৰক্ষা সমিতিৰ সম্পাদক সত্যদেৱ শৰ্মা, তৰুণ অসম সংঘৰ সভাপতি ৰবীন্দ্ৰ নাথ শৰ্মা, বিশিষ্ট লেখক নবীন চন্দ্ৰ লহকৰ, তেজপুৰ সাহিত্য সভাৰ সম্পাদক দেৱব্ৰত শৰ্মাকে ধৰি বিশিষ্ট ব্যক্তিসকলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ গ্ৰহণ কৰে। ইয়াৰ পিছতেই হেমন্ত কুমাৰ বৰুৱা স্মৃতি ৰক্ষা সমিতিৰ সহকাৰী সম্পাদক, অধ্যাপক পল্লৱ ভট্টাচাৰ্য্যই আঁত ধৰা কৰ্মশালাখন বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে তেজপুৰ সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়াই। আনহাতে হেমন্ত কুমাৰ বৰুৱা স্মৃতি ৰক্ষা সমিতিৰ সম্পাদক সত্যদেৱ শৰ্মাই আদৰণী ভাষণ দাঙি ধৰা অনুষ্ঠানটিত জ্যেষ্ঠ সাংবাদিক ৰাজ কুমাৰ মহন্ত ৰচিত “আঁত ধৰা তথা এংকৰিঙৰ প্ৰাথমিক জ্ঞান ” শীৰ্ষক এখন পুথি বিশিষ্ট অতিথিসকলৰ উপস্থিতিত উন্মোচন কৰে ড০ ভূপেন শইকীয়াই। উন্মোচনী ভাষণত ড০ শইকীয়াই এংকৰ শব্দৰ তাৎপৰ্য্য, ইয়াৰ শৈলী আদিৰ ওপৰত মন্তব্য কৰাৰ লগতে “এংকৰ” মানে জাহাজৰ লংগৰ বুলি কয়। একোখন বৃহৎ জাহাজক লংগৰে যেনেদৰে সাগৰৰ কাষত ধৰি ৰাখে একেদৰে এংকৰ গৰাকীয়েও একোটা অনুষ্ঠান সুন্দৰ তথা দৃঢ় ভাবে ধৰি ৰাখিবলৈ সক্ষম হয় বুলি মন্তব্য কৰি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত প্ৰথমবাৰৰ বাবে এনেদৰে কৰ্মশালা আয়োজন কৰাতো উল্লেখযোগ্য পদক্ষেপ বুলি কয়। কৰ্মশালাখনৰ সমল ব্যক্তি ৰূপে অংশ গ্ৰহণ কৰিব লগা অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱা,অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সম্পাদক শান্তনু বৰুৱা, বিশিষ্ট সমাজকৰ্মী দিলীপ কুমাৰ কাকতি, সাংবাদিক মেৰু মিঠু কটকী, তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ নীলকান্ত শৰ্মা আদিৰ উপস্থিতিত কৰ্মশালাৰ সমন্বয়ক সাংবাদিক ৰাজ কুমাৰ মহন্তই কৰ্মশালাখনৰ লক্ষ্য – উদ্দেশ্য আৰু বিষয়বস্তুৰ সন্দৰ্ভত সদৰী কৰা আৰু একাংশ বিশিষ্ট ব্যক্তিৰ লগতে শতাধিক প্ৰশিক্ষাৰ্থীৰ সন্মুখত আজি প্ৰথম দিনটোতে তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, তথা বিশিষ্ট শিক্ষাবিদ পূৰ্ণেশ্বৰ নাথে দীঘলীয়া সময় পাঠদান কৰি প্ৰশিক্ষাৰ্থীসকলক উদ্বুদ্ধ কৰি তোলে। দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পূৰ্ণেশ্বৰ নাথে এখন ভাওনা পৰিচালনা কৰা সূত্ৰধাৰৰ চৰিত্ৰ ভালকৈ অনুধাবন কৰিলেই এগৰাকী সফল এংকৰ হ’ব পাৰিবা বুলি কোৱাৰ লগতে ভাওনা একোখনত শ্ৰীকৃষ্ণৰ প্ৰবেশৰ মুহূৰ্তত গায়ন বায়নৰ জৰিয়তে যেনেদৰে শ্ৰীকৃষ্ণৰ বৰ্ণনা কৰে সেই বৰ্ণনাৰ দ্বাৰাই মানুহে অভিনয় কৰা শ্ৰীকৃষ্ণৰ প্ৰতি ভক্তিত গদগদ হৈ পৰে বুলি কয়। আনহাতে এংকৰ গৰাকীয়ে অনুষ্ঠান পৰিচালনা কৰাৰ সময়ত আত্ম প্ৰচাৰৰ চেষ্টা নকৰি কোনো ক্ষেত্ৰতে আবেগিক নহৈ অনুষ্ঠানটিৰ মৰ্যাদা অনুসৰি পৰিচালনা কৰিবলৈ আহ্বান জনায়। প্ৰশিক্ষাৰ্থী সকলক বি বি চি নিউজৰ এংকৰৰ অনুষ্ঠান চাবলৈ আহ্বান জনোৱাৰ লগতে নবেল বঁটা প্ৰদান অনুষ্ঠানত এংকৰ গৰাকীৰ ভূমিকাৰ প্ৰসংগৰে শব্দৰ ব্যৱহাৰ, উচ্চাৰণ আদিৰ ওপৰত গুৰুত্ব দিয়াকে ধৰি বহু গুৰুত্বপূৰ্ণ দিশৰ ওপৰত পাঠদান কৰে সুবক্তা হিচাবে পৰিচিত পূৰ্ণেশ্বৰ নাথে।