শতাব্দ প্ৰতিনিধি তেজপুৰ,৯জুলাই: ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত তেজপুৰ পৰোৱাত নিৰ্মাণ কৰা এশখন বিচনাযুক্ত মাতৃ আৰু শিশু চিকিৎসালয়খন আজিৰ পৰা কাৰ্যক্ষম কৰা হৈছে। উল্লেখযোগ্য যে,২০১১তে আধাৰশিলা স্থাপন হোৱা আৰু প্ৰায় আঠ বছৰৰ পাছত নিৰ্মাণ সম্পূৰ্ণ হোৱা এইখন প্ৰসূতি মাতৃ আৰু শিশু চিকিৎসালয়খন যোৱা দুবছৰে ক’ভিদ চিকিৎসা কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। সম্প্ৰতি তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ পৰা পৰোৱালৈ স্থানান্তৰ কৰা প্ৰসূতি মাতৃ আৰু শিশু চিকিৎসালয়খন আজি পুৱা তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে। আনহাতে আজি মাতৃ আৰু প্ৰসূতি বিভাগটো তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ পৰা স্থানান্তৰৰ পিছতেই এটি সন্তানৰ জন্ম হয়। উল্লেখ্য যে এশখন বিচনাযুক্ত প্ৰসূতি মাতৃ আৰু শিশু চিকিৎসালয়খনত বৰ্তমান বিচনাৰ সংখ্যা ১১০খন আৰু ইয়াৰে ১৫ খন আই চি ইউ বিছনা।পৰৱৰ্তী সময়ত বিচনাৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আনহাতে শিশুৰ বাবে ১২খন পিকু বিছনা থাকিব বুলি শোণিতপুৰ জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জে আহমেদে সদৰি কৰিছে।ইতিমধ্যে ইয়াত অস্ত্ৰোপচাৰ কক্ষ সাজু কৰা হৈছে য’দিও লিফ্টকে ধৰি আন কিছু কাম সম্পূৰ্ণ হ’বলৈ বাকী আছে