শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৮অক্টোবৰঃ আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি তেজপুৰ জিলা প্ৰশাসনে জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত তৃতীয় ফিট ইণ্ডিয়া ফ্ৰিডম ৰাণ প্ৰতিযোগিতাৰ আয়োজন কৰে। ২ অক্টোবৰ পৰা ৩১ অক্টোবৰলৈ আয়োজন কৰা এই মাৰাথনৰ উদ্দেশ্য হৈছে সকলোৱে যাতে নিজকে ফিট আৰু সুস্থ কৰি ৰাখিব পাৰে। তেজপুৰ নেহৰু ময়দানত আয়োজন কৰা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে ৰাজ্যিক ক্ৰিয়া আৰু য়ুৱ কল্যাণ বিভাগৰ সদস্য সচিব গিতাৰ্থ গোস্বামী, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ লগতে ক্ৰীড়া জগতৰ কেইবা গৰাকী বিশিষ্ট ব্যক্তিয়ে। মাৰাথনত কেইবাখনো স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অসম আৰক্ষীৰ জোৱান, এছ এছ বিৰ জোৱান আৰু সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলে অংশ গ্ৰহণ কৰে।