শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৩জুলাইঃ বাঢ়নি পানীৰ বাবেই নিৰাপদ স্হানৰ সন্ধানত বনাঞ্চলৰ পৰা ওখ ঠাই বিচাৰি ওলাই অহা বুলি ধাৰণা কৰা বনৰীয়া ম’হৰ আক্ৰমণত আজি পুৱা তেজপুৰৰ ভোজখোৱা চাপৰিত এজন লোক নিহত হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে আতংকৰ সৃষ্টি কৰিছ। উল্লেখযোগ্য যে ভোজখোৱা চাপৰিৰ মমতাজ আলি (৬৫)নামৰ লোকজনে আজি পুৱা গৰু এৰাল দিবলৈ যোৱাৰ সময়তে উক্ত স্হানতে আশ্ৰয় লৈ থকা দুটা বনৰীয়া ম’হৰ ভিতৰত এটাই লোকজনক আক্ৰমণ কৰে৷ ম’হটোৰ তীব্ৰ আক্ৰমণত লোকজন ঘটনা স্হলীতে নিহত হয়৷ এই ঘটনাত অঞ্চলটোত আতংকময় পৰিস্থিতিৰ উদ্ভৱ হয় আৰু ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰ দল এটাই ম’হ দুটাক আঁতৰাই পঠিয়াবলৈ বহু চেষ্টা কৰে যদিও বৰ্তমানেও দুয়োটা ম’হ অঞ্চলটোতে আশ্ৰয়লৈ আছে৷ প্ৰণিধানযোগ্য যে, দুয়োটা ম’হ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা ওলাই অহা বুলি স্হানীয় ৰাইজে আশংকা প্ৰকাশ কৰিছে।
