তেজপুৰত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যুত ক্ষোভ

0 61

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১১ছেপ্টেম্বৰ: যোৱা নিশা প্ৰায় ৭-৪৫বজাত তেজপুৰত এজন যুৱকৰ বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু ঘটাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷উল্লেখযোগ্য যে,কালি তেজপুৰ মহাবিদ্যালয়ৰ সমীপৰ এছ এছ বিৰ কাৰ্যালয়ত এই শোকাবহ ঘটনাটো সংঘটিত হয়৷ইয়াৰ বিদ্যুৎ সংযোগৰ মেৰামতিৰ কাম চলি থকাৰ সময়ত কালি নিশা ঠিকাদাৰ দিগন্ত সেনগুপ্তাই ফোন কৰি মাতি নি কামত লগোৱা শ্ৰমিক সকলৰ ভিতৰত তেজপুৰৰ লালমাটি হাজৰিকা চুকৰ গোপাল শইকীয়াৰ বিদ্যুতস্পৃষ্ট হৈ মৃত্যু হয়।অভিযোগ অনুসৰি ঠিকাদাৰে যথেষ্ট হুৰমূৰকৈ কাম কৰিবলৈ কোৱাত শ্ৰমিক সকলে খৰধৰকৈ কাম কৰিবলগীয়া হোৱাৰ লগতে শ্ৰমিক সকলে কয় যে,ইয়াৰ পূৰ্বে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি লোৱা হৈছিল৷উল্লেখযোগ্য যে, কাম সমাপ্ত কৰাৰ সময়তে কিন্তু শ্ৰমিকজন বিদ্যুৎস্পৃষ্ট হয়৷ শ্ৰমিকজন বিদ্যুৎস্পৃষ্ট হোৱাৰ পাছতেই ঠিকাদাৰে পলায়ন কৰে৷ শ্ৰমিক শইকীয়াক উপস্থিত একাংশই তেজপুৰৰ ব্যপ্তিষ্ট মিছন হাস্পতাললৈ নিয়ে য’দিও তেওঁৰ ইতিমধ্যে মৃত্যু ঘটে৷ আনহাতে শ্ৰমিকজনৰ এনে মৃত্যুক পৰিয়ালৰ লোকে পৰিকল্পিত হত্যাকাণ্ড আখ্যা দি ইয়াৰ তদন্ত দাবী কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.