তেজপুৰত ব্ৰহ্মপুত্ৰত জাঁপ দিয়া নাৰায়ণপুৰৰ যুৱকৰ মৃতদেহ উদ্ধাৰ

0 0

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৬ ফেব্ৰুৱাৰী : তেজপুৰ-নগাঁও সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত ভোমোৰাগুৰিত নিৰ্মিত দ্বিতীয়খন দলঙৰ পৰা যোৱা ১১ফেব্ৰুৱাৰীৰ সন্ধিয়া প্ৰায় ৬.৩০ বজাত নিহাল কাকতি নামৰ যুৱকজনে ব্ৰহ্মপুত্ৰত ৰহস্যজনক ভাবে জাঁপ দিয়াৰ পাছত যোৱানিশা তেওঁৰ মৃতদেহ তেজপুৰৰ ৰুদ্ৰপদৰ সমীপৰ পৰা উদ্ধাৰ কৰা হয়৷ উল্লেখযোগ্য যে,দীপু বৰুৱা নামৰ এজন বন্ধুৰ স’তে তেজপুৰলৈ অহা প্ৰায় ২৬ বছৰীয়া যুৱক নিহালে এই ঘটনাটো সংঘটিত কৰা বুলি প্ৰকাশ কৰিছিল তেওঁৰ বন্ধু দীপুৱে৷ লখিমপুৰ নাৰায়ণপুৰৰ জৰাবাৰী গাঁৱৰ বাসিন্দা নিহালে বন্ধুজনৰ স’তে তেজপুৰলৈ এএছ০৭ইউ৩৫৩৪ নম্বৰৰ এখন গাড়ীৰে আহি পাছত ভোমোৰাগুৰিৰ নতুন দলঙৰ ওপৰত সেৱা কৰো বুলি কৈ গাড়ীৰ পৰা নামি যায় আৰু তাৰ পাছতে ব্ৰহ্মপুত্ৰত জাঁপ দিয়ে৷ ব্ৰহ্মপুত্ৰৰ পানীত উটি আহি ৰুদ্ৰপদৰ বিপৰীত পাৰে ওপঙি থকা যুৱকজনৰ মৃতদেহৰ স’তে এটা চে’লফোনো উদ্ধাৰ কৰা হৈছে৷ পাছত নদী আৰক্ষীৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.