শতাব্দ প্ৰতিনিধি তেজপুৰ, ৪জুনঃ মহাবাহু ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীাই বিপদ চপাই আনিছে তেজপুৰ চহৰৰ গাতে লাগি থকা গেৰেকী অঞ্চলৰ বৃহৎ অংশলৈ। আনকি প্ৰখ্যাত ভৈৰৱী দেৱালয়ৰ সমীপতে থকা হনুমান মন্দিৰো এই খহনীয়াত জাহ যোৱাৰ উপক্ৰম ঘটিছে। যোৱা প্ৰায় এটা পষেক ধৰি অব্যাহত এই গৰা খহনীয়াৰ ফলত হনুমান মন্দিৰ আৰু ভৈৰৱী দেৱালয় থকা বান্দৰদোৱা পাহাৰৰ এক বৃহৎ অংশ জাহ যোৱাত সম্প্ৰতি হনুমান মন্দিৰৰ আলহী গৃহৰ নিচেই কাষ চাপিছে ব্ৰহ্মপুত্ৰ। ইয়াকে লৈ অঞ্চলটোৰ ৰাইজ শংকিত হৈ পৰিছে। উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে হোৱা ধাৰাষাৰ বৰষুণৰ পাছতে ফেনে ফোটোকাৰে বাঢ়ি আহিছে ব্ৰহ্মপুত্ৰ। ইয়াৰ সমান্তৰাল ভাবে হনুমান মন্দিৰৰ সমীপৰ প্ৰায় এশ মিটাৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যায়। সেই স্থানৰে গেৰেকী গাঁৱৰ দিশে চাপি অহা ব্ৰহ্মপুত্ৰ বৰ্তমান মন্দিৰৰ আলহী গৃহৰ কাষ পাইহি। যিকোনো সময়তে এই গৃহ খহনীয়াত জাহ গ’লেই মূল মন্দিৰো খহনীয়াৰ কবলত পৰিব। প্ৰণিধানযোগ্য যে, এই বান্দৰ দোৱা পাহাৰেই গেৰেকী গাঁৱৰ বাবে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ৰক্ষাকৱচ। কিন্তু সম্প্ৰতি এই পাহাৰৰে এক অংশ খহনীয়াত জাহ যোৱাত সেই দিশৰে গেৰেকী গাঁৱতো ব্ৰহ্মপুত্ৰৰ পানী প্ৰৱেশ কৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে। উল্লেখযোগ্য যে, এয়া হৈ উঠিলেই ব্ৰহ্মপুত্ৰৰ সমীপৰে মৰাভৰলী নৈৰে সংযোগ ঘটিব। স্মৰ্ত্তব্য যে,ভোমোৰাগুৰিৰ পৰা দেৱীসিং ঘাট পৰ্যন্ত এক জিঅ’বেগৰ বান্ধৰ আঁচনি কেবাবছৰ পূৰ্বে লোৱা জলসম্পদ বিভাগৰ এই বান্ধেও গেৰেকীৰ এই অংশত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধ কৰিব নোৱাৰিলে। বৰ্তমান ইয়াত অব্যাহত থকা খহনীয়া শীঘ্ৰেই প্ৰতিৰোধৰ ব্যৱস্থা কৰি হনুমান মন্দিৰৰ লগতে গেৰেকী অঞ্চলক ৰক্ষা কৰিবৰ বাবে মন্দিৰৰ পূজাৰী জয়ৰাম দাস ত্যাগী বাবাই প্ৰশাসন তথা চৰকাৰৰ প্ৰতি আহ্বান জনাইছে।
পূৰ্বৱৰ্তী লেখা
অসম নাট্য সন্মিলনৰ তেজপুৰ শাখাৰ কাৰ্যনিবাৰ্হক সভাত ৯ গৰাকী সন্মিলনৰ আজীৱন সদস্যক প্ৰমাণ পত্ৰ প্ৰদান
পৰৱৰ্তী লেখা