শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৫জুলাইঃ তেজপুৰত এজন আৰক্ষী বিষয়াৰ কুকৰ্মই সংবাদ শিৰোনাম দখল কৰাৰ সময়তে এইবাৰ পোহৰলৈ আহিছে এগৰাকী শিক্ষকৰ বিৰুদ্ধে একেই অভিযোগৰ কাহিনী৷ অভিযোগ অনুসৰি, দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক একেখন বিদ্যালয়ৰে অংকৰ শিক্ষক পুলিন বৰাই অশালীন ইংগিত দিছে৷তেজপুৰ বালিপুখুৰী তিনিআলি নিবাসী পুলিন বৰাই নিজ ঘৰতে বিদ্যালয়খনৰ একাংশ ছাত্ৰ-ছাত্ৰীক টিউচন কৰে৷যোৱা আঠ জুলাইত আন ছাত্ৰ-ছাত্ৰী টিউচনৰ পৰা পৰা যোৱাৰ পিছত এগৰাকী ছাত্ৰীক ৰ’বলৈ দি বিভিন্ন অশালীন কথা-বতৰা কৈ পিছদিনা বিয়লি চাৰি বজাত অকলে পঢ়িবলৈ মাতে৷ এইবিষয়ে ছাত্ৰীৰ অভিভাৱক আৰু সমনীয়াক জনাবলৈ মানা কৰাৰ অভিযোগ তোলা কিশোৰী ছাত্ৰী গৰাকীয়ে পিছত পৰিয়ালক জনাই টিউচন শিক্ষকৰ কুকৰ্মৰ কথা৷ ইয়াৰ পিছতে ছাত্ৰী গৰাকীৰ পিতৃয়ে শিক্ষক পুলিন বৰাক জৱাবদিহি কৰাৰ লগতে স্হানীয় বেবেজীয়া আৰক্ষী চকীত শিক্ষকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে যদিও কালি নিশা পৰ্যন্ত কোনো ব্যৱস্হাই গ্ৰহণ নকৰাৰ অভিযোগ কৰে ছাত্ৰী গৰাকীৰ পিতৃয়ে৷ সেয়ে কালি এজন একে অভিযোগত অভিযুক্ত আৰক্ষীৰ বিৰুদ্ধে ৰাইজৰ তৎপৰতাত আৰক্ষীয়ে ব্যৱস্হা গ্ৰহণ কৰাৰ নিশাই ছাত্ৰী গৰাকীৰ পৰিয়ালটোৱে শিক্ষক পুলিন বৰাৰ বিৰুদ্ধেও অনুৰূপ ব্যৱস্হা গ্ৰহণৰ দাবী তোলে সংবাদ মাধ্যমৰ জৰিয়তে৷ ইপিনে অভিযুক্ত শিক্ষকজনৰ বিৰুদ্ধে পস্কো আইনৰ অধীনত ৫৮৪/২৩ নম্বৰ এক গোচৰ ৰুজু কৰা বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে৷ দুবছৰে ছাত্ৰী গৰাকীক টিউচন কৰা শিক্ষকজনে গোচৰ নতৰিবলৈ ছাত্ৰীগৰাকীৰ পৰিয়ালক হাতে ভৰিয়ে ধৰাৰ লগতে নিজৰ ভুল স্বীকাৰ কৰাৰ বিপৰীতে ঘটনাৰ দিনাই পৰিয়ালটোৱে এজাহাৰ দাখিল কৰে৷ সম্প্ৰতি অভিযুক্ত শিক্ষকজন পলাতক৷