শতাব্দ প্ৰতিনিধি,তেজপুৰ,২১নৱেম্বৰঃ তেজপুৰৰ নপামস্থিত এছ এম বি ব্যায়ামাগাৰৰ উদ্যোগত আৰু শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাৰ তত্বাৱধানত স্হানীয় জাৰণি প্ৰাথমিক বিদ্যালয়ত “৩৯সংখ্যক শোণিতপুৰ জিলা টাগ অৱ ৱাৰ প্ৰতিযোগিতা-২০২২” অনুষ্ঠিত হয়। উক্ত প্ৰতিযোগিতাত শোণিতপুৰ জিলাৰ অনুমোদিত সন্থাৰ মুঠ ১৫ টা বিভিন্ন দলে অংশ গ্ৰহণ কৰে। পুৰুষৰ শ্ৰেষ্ঠ দলৰ সন্মান “বলিন বৰা সোঁৱৰণী” বঁটা লাভ কৰে এছ এম বি ব্যায়ামাগাৰ নপামে আৰু দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে ৰঙাপৰা চাই পাৱাৰ ফিটনেছ দলে। আনহাতে মহিলাৰ শ্ৰেষ্ঠ দল “হিৰণময়ী দাস সোঁৱৰণি” বঁটা লাভ কৰে ৰঙাপৰা চাই পাৱাৰ ফিটনেছ আৰু দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে তেজপুৰ বিশ্ববিদ্যালয় দলে।প্ৰতিযোগিতাখনৰ শুভ আৰম্ভণি কৰে অসম টাগ অফ ৱাৰ সন্থাৰ সভাপতি জিতেন বৰঠাকুৰে। তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভা উপস্থিত থাকি খেলুৱৈ সকলক উৎসাহিত কৰে। বিজয়ী আৰু বিজিত দল সমূহক বঁটা বিতৰণ কৰে বিশিষ্ট ক্ৰীড়াবিদ আন্তঃৰাষ্ট্ৰীয় বিচাৰক পংকজ কুমাৰ বৰা, পূব শোণিতপুৰ ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি শ্বেইখ চাহাব উদ্দিন আৰু বিশিষ্ট সমাজ সেৱিকা প্ৰতিভা ধৰে।আনহাতে এই প্ৰতিযোগিতাখনত যথেষ্ট সংখ্যক দৰ্শকৰ লগতে পূব শোণিতপুৰ ক্ৰীড়া সন্থাৰ সম্পাদক জামাল উদ্দিন আহমেদ, উপ সভাপতি আতাৱুৰ ৰহমান, বিশিষ্ট সমাজ সেৱক ৰিয়াজ উদ্দিন আকন্দ ,সমাজ সেৱক ইন্দ্ৰ লাল শৰ্মাও উপস্থিত থাকে।আনহাতে অহা ২৭ অক্টোবৰত নপাম ৰংগমঞ্চত পুৱা ন বজাৰ পৰাই ৩৯সংখ্যক শোণিতপুৰ জিলা শক্তি উত্তোলন প্ৰতিযোগিতা অনুষ্ঠিত হব। শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাৰ প্ৰায় ৪০ টা অনুমোদিত শাখাৰ প্ৰায় পাঁচশ প্ৰতিযোগীয়ে উক্ত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব।