তেজপুৰত “সঁফুৰা বৃত্তি পৰীক্ষা” ত প্ৰায় ৪৭৬ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ

0 0

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৫ ফেব্ৰুৱাৰী: শিশু সকলৰ প্ৰতিভা সন্ধানৰ উদ্দেশ্যে শিশু আলোচনী “সঁফুৰা” ৰ উদ্যোগত প্ৰয়াত নমস্য সাহিত্যিক ড° ভৱেন্দ্ৰ নাথ শইকীয়াই আৰম্ভ কৰা “সঁফুৰা বৃত্তি পৰীক্ষা” আজি ৰাজ্যজুৰি অনুষ্ঠিত হয়। তেজপুৰৰ দৰং মহাবিদ্যালয়তো আজি তেজপুৰৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ৪৭৬ গৰাকী শিক্ষাৰ্থীয়ে ” সঁফুৰা বৃত্তি পৰীক্ষা” ত অতি উৎসাহেৰে অৱতীৰ্ণ হয়। তেজপুৰৰ অৰিন্দম নাট্য বিদ্যালয়ৰ অধ্যক্ষ দিগন্ত কুমাৰ ভূঞা তত্বাবধায়ক আৰু শিক্ষক তথা” অকণিৰ সাহিত্য সভা”ৰ সভাপতি পংকজ বৰুৱা পৰ্যবেক্ষক হিচাপে থকা আজিৰ এই তেজপুৰৰ কেন্দ্ৰত দৰংমহাবিদ্যালয়ৰ একাংশ শিক্ষকৰ লগতে অৰিন্দম নাট্য বিদ্যালয়ৰ একাংশ শিক্ষক পৰীক্ষক হিচাপে নিয়োজিত হৈ পৰীক্ষা সুকলমে সম্পন্ন কৰে। অংকুৰৰ পৰা মাধ্যমিক পৰ্য্যায়লৈ অসমীয়া আৰু ইংৰাজী ভাষাত অনুষ্ঠিত আজিৰ পৰীক্ষা কেন্দ্ৰত দৰংমহাবিদ্যালয়ৰ অধ্যক্ষ ড০ পলাশ মণি শইকীয়াও উপস্থিত হৈ শিক্ষাৰ্থী সকলক উৎসাহিত কৰে । উল্লেখ্য যে, পুৱাৰ পৰীক্ষা কেন্দ্ৰত অভিভাৱক সকলেও ভীৰ কৰা এই পৰীক্ষাত মাতৃভাষা মাধ্যমৰ বিদ্যালয়তকৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষাৰ্থীহে তেজপুৰ কেন্দ্ৰত অধিক বুলি তত্বাৱধায়ক দিগন্ত কুমাৰ ভূঞাই সাংবাদিকক জানিবলৈ দি অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ লগত যোগাযোগ কৰাৰ পিছতো সঁহাৰি নোপোৱাতো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে।

মন্তব্য দিয়ক

Your email address will not be published.