তেজপুৰত সুৰীয়া – সাংগীতিক অনুষ্ঠানত 

0 64
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮ ডিচেম্বৰঃ অসমীয়া আধুনিক সংগীত ক্ষেত্ৰখনলৈ এক আশাব্যঞ্জক বতৰা কঢ়িয়াই স্বনামধন্য গীতিকাৰ-সুৰকাৰ, অৱসৰপ্ৰাপ্ত অধ্যাপক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি ইদ্ৰিছ আলিৰ সংগীত যাত্ৰাৰ সোণালী জয়ন্তী উপলক্ষে কাঁচিজোন প্ৰকাশনে বিশিষ্ট কন্ঠশিল্পী দুৰ্গাময়ী বৰাৰ কন্ঠত ১৫ টিকৈ গীত বাণীবদ্ধ কৰি উলিওৱাৰ পিছত আজি সংস্কৃতিৰ নগৰী তেজপুৰত আনুষ্ঠানিক ভাৱে শ্ৰোতা – জনতাৰ মাজলৈ উৎসৰ্গিত হ’ল। উল্লেখ্য যে, প্ৰসিদ্ধ গীতিকাৰ ইদ্ৰিছ আলিয়ে  বিভিন্ন সময়ত ৰচনা কৰা ভিন্ন বিষয়ৰ এই গীত কেইটি যাদুকৰী সংগীতেৰে অনন্য ৰূপত সজাই তুলিছে ৰাজ্যখনৰ ছিৰিয়াছ তথা বিখ্যাত সংগীত শিল্পী ৰূপম তালুকদাৰে।  সুৰীয়া পৃথিৱীখনৰ এই নৱোন্মেষৰ বাবে সাৰথি হোৱাৰ সুযোগ লাভ কৰি তেজপুৰ বাসীৰ হৈ শোণিতপুৰ প্ৰেছ ক্লাব আৰু তেজপুৰ সাহিত্য সভাই আজি তেজপুৰৰ শতবৰ্ষ গৰকা অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাকক্ষত আয়োজন কৰা এক সুৰীয়া আৰু সাংগীতিক অনুষ্ঠানত “কৰবীৰে মালা” শীৰ্ষক এই শ্ৰৱ্য সঁফুৰা আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়।আজি বিয়লিৰ পৰা অনুষ্ঠিত সুমধুৰ অনুষ্ঠানত বিশিষ্ট গীতিকাৰ, সুৰকাৰ, কন্ঠশিল্পী তথা গুৱাহাটী আই আই টিৰ অৱসৰপ্ৰাপ্ত পঞ্জীয়ক ব্ৰজেন ৰায়চোধুৰী, বিশিষ্ট চিত্ৰশিল্পী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ইৰশ্বাদ আলি, বিশিষ্ট গীতিকাৰ তথা বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, বিশিষ্ট গীতিকাৰ তথা শিক্ষাবিদ ড০ ভুবনেশ্বৰ চহৰীয়া, তেজপুৰ সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়া আৰু সংগীত শিল্পী তথা সাংস্কৃতিক অনুষ্ঠান চাতকৰ সভাপতি অনিল কুমাৰ ভট্টাচাৰ্যই অতিথি ৰূপে অংশ গ্ৰহণ কৰি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে সুমধুৰ গীতৰ শ্ৰব্য সঁফুৰা “কৰবীৰে মালা” । উল্লেখ্য যে,শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰৰ সম্পাদক পংকজ বৰুৱাই আঁত ধৰা প্ৰয়াত নমস্য গীতিকাৰ পদ্মশ্ৰী তফজ্জুল আলিৰ পৱিত্ৰ স্মৃতিত উৎসৰ্গিত কাঁচিজোন প্ৰকাশনৰ এই বিনম্ৰ প্ৰয়াসৰ অনুষ্ঠানটিত উপস্থিত থকা বিশিষ্ট ব্যক্তি সকলৰ মাজৰ পৰা বিশিষ্ট গীতিকাৰ, সুৰকাৰ, গায়ক তথা আই আই টি গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত পঞ্জীয়ক ড০ ব্ৰজেন্দ্ৰ নাথ ৰায়চৌধুৰীয়ে দিপালী বৰঠাকুৰৰ পিছতেই দুৰ্গাময়ী বৰাৰ কন্ঠ অনন্য বুলি মন্তব্য কৰে। দুৰ্গাময়ী বৰাৰ কন্ঠত এক বিশেষ আবেদন আছে বুলি মন্তব্য কৰি বৰ্তমানে গীত আৰু সংগীত ক্ষেত্ৰখনত পয়োভৰ ঘটা ৰুচিবিগ্ৰহিত কথাবোৰে কেতিয়াবা হতাশা কৰে বুলি আক্ষেপ প্ৰকাশ কৰে। আনহাতে বিশিষ্ট চিত্ৰশিল্পী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ ইৰশ্বাদ আলিয়েও দুৰ্গাময়ী বৰাৰ শিল্পী সত্ত্বা আৰু গায়কী শৈলীয়ে আনৰ দৰে তেওঁকো আকৰ্ষিত কৰি আহিছে বুলি মন্তব্য কৰে। উল্লেখ্য যে ইদ্ৰিছ আলিয়ে শ্বহীদ ভোগেশ্বৰী ফুকননীৰ স্মৃতিত ৰচনা কৰা “বঢ়মপুৰ বঢ়মপুৰ” শীৰ্ষক সমবেত গীতেৰে আৰম্ভ হোৱা সুমধুৰ অনুষ্ঠানটিত বিশিষ্ট সংগীতশিল্পী তথা সাংস্কৃতিক অনুষ্ঠান চাতকৰ সভাপতি অনিল কুমাৰ ভট্টাচাৰ্যই ইদ্ৰিছ আলিৰ বহুকেইটা গীতৰ কলিৰে আজিও এই বয়সলৈকে গীত সৃষ্টিৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিব পৰাতো অসমবাসীৰ বাবে গৌৰৱৰ কথা বুলি কয়। আনহাতে অসমীয়া আধুনিক সংগীতৰ আভিজাত্যপুৰ্ণ ধাৰাটোত যি কেইগৰাকী শিল্পীয়ে বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে সেই সকলৰ ভিতৰত দুৰ্গাময়ী বৰাও অন্তৰ্ভুক্ত হৈ আছে বুলি কয়। সেইদৰে বিশিষ্ট শিক্ষাবিদ তথা অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ ভুবনেশ্বৰ চহৰীয়া আৰু তেজপুৰ সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়াইও দুৰ্গাময়ী বৰা আৰু ইদ্ৰিছ আলিৰ গীত আৰু কন্ঠৰ বিশেষত্বৰ বিষয়ে আলোকপাত কৰা অনুষ্ঠানটিৰ আৰম্ভণিতে আদৰণী ভাষণ দাঙি ধৰি প্ৰয়াত বিশিষ্ট গীতিকাৰ, সুৰকাৰ, অধ্যাপক তফজ্জুল আলিৰ স্মৃতিচাৰণ কৰে। আনহাতে সংগীত শিল্পী মনোজ নাথৰ পৰিচালনাত ইদ্ৰিছ আলিয়ে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ পৰলোকপ্ৰাপ্তিৰ পিছতেই শ্ৰদ্ধাঞ্জলি জনাই ৰচনা কৰা “কি নাম দি মাতিম তোমাক” শীৰ্ষক সমবেত গীতৰ লগতে ৰাজশ্ৰী বৰুৱাই আন এটি ইদ্ৰিছ আলি ৰচিত আৰু দুৰ্গাময়ী বৰাই কন্ঠদান কৰা “এতিয়া ডাৱৰবোৰ কেনি গ’ল” পৰিৱেশন কৰা অনুষ্ঠানটিত নমস্য গীতিকাৰ তফজ্জুল আলিৰ পুত্ৰ ৰোবায়েট আলিয়েও দুয়োগৰাকী শিল্পীৰ সৃষ্টিশীলতাৰ ওপৰত আলোকপাত কৰাৰ লগতে অনুষ্ঠানটিৰ অন্তত কন্ঠশিল্পী দুৰ্গাময়ী বৰাই শলাগ জ্ঞাপন কৰাৰ লগতে ইদ্ৰিছ আলিৰ সৈতে একেলগে “কৰবীৰে মালা” শীৰ্ষক গীতটি পৰিৱেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে।
মন্তব্য দিয়ক

Your email address will not be published.