শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ:২৭ মাৰ্চ: ৰাজ্যত বসবাস কৰা নেপালী সম্প্ৰদায়ৰ লোকসকলৰ বিভিন্ন সমস্যাৰ আলোকপাত তথা বিশ্লেষণৰ কাৰণে আজি নেপালী দৈনিক কাকত হাম্ৰো প্ৰজাশক্তিৰ উদ্যোগত তেজপুৰত এখন সভা অনুষ্ঠিত কৰা হয়৷ তেজপুৰৰ বিশিষ্ট নেপালী সাহিত্যিক চন্দ্ৰমণি উপাধ্যায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে হাম্ৰো প্ৰজাশক্তিৰ মুখ্য সম্পাদক অঞ্জন উপাধ্যায়ে৷ সভাত অৱসৰপ্ৰাপ্ত অধ্যাপক কমল চন্দ্ৰ উপাধ্যায়, ক্ষেমানন্দ মিশ্ৰ, সাহিত্যিক ছত্ৰমান চুব্বা, খৰ্গ বাহাদুৰ কৌশিক, অৱসৰপ্ৰাপ্ত বেংক বিষয়া দেৱী প্ৰসাদ অধিকাৰী, গণেশ পৌড়েল, জ্যেষ্ঠ সাংবাদিক অৰূপ কলিতা, নাৰায়ণ ফয়েল, সুনীল ছেত্ৰী আদিয়ে বক্তব্য ৰাখে। সভাত নেপালীভাষী লোকসকলৰ শিক্ষা, সাহিত্য,কৃষি, অৰ্থনীতি আদি বিভিন্ন সমস্যাৰ ওপৰত আলোচনা কৰা হয় ৷ নতুন নতুন লেখক সৃষ্টিৰ বাবে কৰ্মশালা,আলোচনাচক্ৰ আদি অনুষ্ঠিত কৰিবলৈ এই সভাই পৰামৰ্শ দিয়ে।