শতাব্দ প্ৰতিনিধি তেজপুৰ, ২১জুলাইঃ আজি দুপৰীয়া তেজপুৰৰ বটামাৰিত ৯ কিলোগ্ৰাম গাঞ্জাসহ দুই যুৱকক স্থানীয় ৰাইজে কৰায়ত্ত কৰি বৰঘাট আৰক্ষীক গতাই দিয়ে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বটামাৰীত সন্দেহজনক ভাবে ঘূৰি ফুৰিছিল যুৱক দুজন। ৰাইজে সন্দেহ বশতঃ দুয়োকে সোধপোছ কৰাত তেওঁলোকে অঞ্চলটোৰে জনৈক জয়ধৰ নামৰ এজন লোকক এই গাঞ্জা দিবলৈ অহা বুলি প্ৰকাশ কৰে।লগে লগে ৰাইজে দুয়োকে কৰায়ত্ত কৰি লপাথপা দিয়াৰ লগতে তেওঁলোকৰ লগত থকা গাঞ্জাসহ বৰঘাট আৰক্ষীক গতাই দিয়ে। যুৱক দুজনক ওদালগুৰিৰ গজেন নাৰ্জাৰী আৰু দীপাঞ্জন ব্ৰহ্ম বুলি আৰক্ষীয়ে প্ৰকাশ কৰাৰ লগতে দুয়োকে অধিক সোধপোছ চলাই থকা হৈছে। অৱশ্যে এই পৰ্যন্ত স্থানীয় জয়ধৰ নামৰ লোকজনক কৰায়ত্ত কৰা নাই আৰক্ষীয়ে। উল্লেখযোগ্য যে, শেহতীয়াকৈ বৰঘাট আৰক্ষী চকী অন্তৰ্গত একাধিক অঞ্চলত ড্ৰাগছ, গাঞ্জা সঘনাই উদ্ধাৰ হৈ আছে। এই বিষাক্ত দ্ৰব্য সমূহ সৰবৰাহ কৰা সকলে এইবোৰ দ্ৰব্য সংগ্ৰহ কৰা মূল উৎস কিন্তু এইপৰ্যন্ত চিনাক্ত তথা এনে উৎস উৎখাত কৰা হোৱা নাই।
