তেজপুৰত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ “উত্তৰ পূব থিয়েটাৰ উৎসৱ – ২০২২”

0 29
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮ ডিচেম্বৰঃ দেশত চলি থকা অন্ধ বিশ্বাস আৰু কু- সংস্কাৰৰ ফলত এতিয়াও কেতবোৰ প্ৰত্যন্ত অঞ্চলত ভূত – প্ৰেত বিশ্বাসৰ সমান্তৰাল ভাৱে ডাইনী বিশ্বাস চলি আহিছে। সেই একেই বিশ্বাসৰ দ্বাৰা পশ্চিম বংগ বা কেতবোৰ অঞ্চলত “বাঁয়েন” নামৰ সমাজৰ অন্ধ বিশ্বাসৰ বলী হোৱা এগৰাকী মহিলাৰ কাহিনীৰে প্ৰসিদ্ধ সাহিত্যিক মহাশ্বেতা দেৱীয়ে ৰচনা কৰা “বাঁয়েন ” শীৰ্ষক গল্পৰ আধাৰত পদ্মশ্ৰী ৰীতা গাংগুলীয়ে পৰিচালনা কৰা নাটকেৰে কালি দ্বিতীয় নিশা এন এছ ডি ৰেপাৰেটৰী কোম্পানীৰ নাটকে  বাণ থিয়েটাৰ জীপাল কৰি তোলে। উল্লেখ্য যে, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে যোৱা ১৬ ডিচেম্বৰৰ পৰা চাৰিদিনীয়াকৈ বাণ থিয়েটাৰত আয়োজন কৰা “উত্তৰ পূব থিয়েটাৰ উৎসৱ – ২০২২” ৰ নতুন দিল্লী এন এছ ডি ৰেপাৰেটৰী কোম্পানীয়ে হিন্দী ভাষাত মঞ্চস্থ কৰা “বাঁয়েন ” শীৰ্ষক অতি মনস্তাত্বিক নাটকখন। কোনো কাৰণত শিশুৰ মৃত্যু হ’লে এক পৰম্পৰা আছে সেই শিশুৰ নশ্বৰ দেহা শেষকৃত্য নকৰি মাটিত পুতি থোৱা হয়। কেতবোৰ অঞ্চলত সেই পুতি থোৱা শিশুটিৰ যাতে কোনো অপশক্তিৰ বলী হ’ব নোৱাৰে তাৰ বাবে মহিলাই আহাৰ গ্ৰহণৰ পৰা বিৰত থাকি সেই পুতি থোৱা ঠাইলৈ সঘনাই গৈ ৰখীয়াৰ দায়িত্ব পালন কৰে। সেই দায়িত্ব পালন কৰাৰ সময়ত সেইগৰাকী মহিলা এক ঐশ্বৰিক শক্তি লাভ কৰে। তেনে মহিলা সকলকেই “বাঁয়েন” বুলি কোৱা হয় আৰু সেই মহিলা গৰাকী আমাৰ ডাইনী সদৃশ বুলি সমাজখনে সন্দেহৰ চকুৰে চাই আৰু বিভিন্ন সময়ত পুৰুষ তান্ত্ৰিক সমাজখনৰ আক্ৰোশৰ বা আক্ৰমণৰ বলি হৈ পৰে আমাৰ ডাইনী সজোৱা মহিলাৰ দৰে। সমাজব্যৱস্থাৰ এনে এক কাহিনীৰ আলম লৈ বিশ্ব বিখ্যাত সাহিত্যিক মহাশ্বেতা দেৱীয়ে ৰচনা কৰা “বাঁয়েন” শীৰ্ষক গল্পৰ আধাৰত প্ৰসিদ্ধ নাট্যশিল্পী, পদ্মশ্ৰী ৰীতা গাংগুলীয়ে অতি বলিষ্ঠ ভাৱে পৰিচালনা কৰা নাটকখনৰ মূল চৰিত্ৰত অভিনয় কৰা এন এছ ডিয়ান যুৱতী গৰাকীৰ লগতে প্ৰত্যেকগৰাকী অভিনয় শিল্পীয়ে কৰা প্ৰাণস্পৰ্শী অভিনয়ে কালি বাণ থিয়েটাৰৰ ৰুচীশীল আৰু ছিৰিয়াছ দৰ্শকক আপ্লুত কৰি তোলে। অতি অৰ্থবহ দৃশ্য সজ্জা, হৃদয়গ্ৰাহী মনোৰম সংগীত, বিজ্ঞানসন্মত পোহৰৰ ব্যৱহাৰ, কাহিনীৰ সৈতে সংপৃক্ত ৰূপসজ্জা, সাজসজ্জা আৰু দৃশ্য সজ্জাৰে আধুনিক অসমীয়া নাট্য শিল্পক উদ্ভাসিত কৰি তোলা নাটকখনৰ সাংগীতিক আৰু নৃত্যাংশৰ শৈলীয়েও দৰ্শকক আমোদ দিবলৈ সক্ষম হয়। উল্লেখ্য যে, কালি দ্বিতীয় নিশা মহাশ্বেতা দেৱীৰ এই বিখ্যাত নাটকখন আনুষ্ঠানিক ভাৱে বন্তি প্ৰজ্বলনেৰে উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক তথা বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই । উদ্বোধনী ভাষণত বৰুৱাই ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে বিগত সময়তো তেজপুৰৰ বাণ থিয়েটাৰক নিৰ্বাচন কৰি নাটকৰ বিভিন্ন উৎসৱৰ আয়োজন কৰি তেজপুৰ বাসীক বহু ভাল নাটক চোৱাৰ সুবিধা কৰি দিয়াৰ বাবে এন এছ ডি কৰ্তৃপক্ষক শলাগ জ্ঞাপন কৰে। আনহাতে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ মজিয়াৰ পৰাই আজি বিশ্বতে সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা আদিল হুছেইনৰ লগতে বাহাৰুল ইছলামৰ দৰে নাট্যশিল্পীৰ হাতত ধৰি আন বহুতো ছিৰিয়াছ নাট্যশিল্পীৰ জন্ম হোৱাতো আশাব্যঞ্জক খবৰ বুলি কৈ এন এছ ডিৰ শৈলীৰে অসমৰ অপেছাদাৰী নাট্য ক্ষেত্ৰখন আগুৱাই নিবলৈ বৰ্তমান প্ৰজন্মৰ নাট্যশিল্পী সকলক আহ্বান জনায়।
মন্তব্য দিয়ক

Your email address will not be published.